ETV Bharat / jagte-raho

জামুগুৰিহাটত চাহ ফেক্টৰীৰ সহ:পৰিচালকৰ আত্মহত্যা ! - tea garden

জামুগুৰিহাটৰ নাহৰবাৰী চাহ ফেক্টৰীত সহকাৰী পৰিচালকৰ আত্মহত্যা ৷ সহকাৰী পৰিচালক গৰাকীৰ আত্মহত্যাৰ ঘটনাক পৰিকল্পিত ঘটনা বুলি সন্দেহ পৰিয়ালবৰ্গৰ ৷ সমগ্ৰ ঘটনাটো হত্যা নে আত্মহত্যা ইয়াক লৈ চাঞ্চল্য অব্যাহত আছে ৷

জামুগুৰিহাটত চাহ ফেক্টৰীৰ সহ:পৰিচালকৰ আত্মহত্যা !
author img

By

Published : Aug 6, 2019, 8:30 PM IST

জামুগুৰিহাট, 6 আগষ্টঃ জামুগুৰিহাটৰ টুপীয়াৰ নিকটৱৰ্তী নাহৰবাৰী চাহ ফেক্টৰীৰ সহকাৰী পৰিচালক ডিব্ৰুগড় টিংখাংৰ হেমন্ত শৰ্মাৰ আত্মহত্যাৰ ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ মঙলবাৰে নিজ বাসগৃহত সহকাৰী পৰিচালকগৰাকী চিপজৰী লৈ থকা অৱস্থাত উদ্ধাৰ হয় ৷ পুৱা ৯ বজালৈকে শোৱাৰপৰা নুঠাৰ বাবে কাষৰ কোঠাত থকা কৰ্মচাৰীয়ে দুৱাৰ ধকিয়াই উঠোৱাৰ চেষ্টা কৰে ৷ কিন্তু কোনো উমান নাপাই খিড়িকীৰ ভেন্টিলেটৰে দি চোৱাত সহঃ পৰিচালকগৰাকীক প্ৰত্যক্ষ কৰে ৷ লগে লগে স্থানীয় আৰক্ষীক অৱগত কৰে ৷ দণ্ডাধীশসহ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ চিপজৰী লোৱা সহঃপৰিচালকগৰাকীৰ মৃতদেহটো উদ্ধাৰ কৰে ৷ ইপিনে তদন্তৰ খাতিৰত অনিৰ্দিষ্টকাললৈ ফেক্টৰীটোৰ কামকাজ বন্ধ কৰাৰ নিৰ্দেশ দিয়ে দণ্ডাধীশ গৰাকীয়ে ৷

জামুগুৰিহাটত চাহ ফেক্টৰীৰ সহ:পৰিচালকৰ আত্মহত্যা !

ইফালে পৰিয়ালৰ লোকেও মৃতদেহৰ তলত তেজৰ ডোঙা প্ৰত্যক্ষ কৰি এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ উত্থাপন কৰে ৷

Intro:জামুগুৰিহাটৰ নাহৰবাৰী চাহ ফেক্টৰীত মঙ্গলবাৰে ফেক্টৰিটোৰ সহকাৰী পৰিচালকৰ আত্মহত্যাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটিত৷সহকাৰী পৰিচালক গৰাকীৰ আত্মহত্যাৰ ঘটনাক পৰিকল্পিত ঘটনা বুলি সন্দেহ কৰিছে পৰিয়ালবৰ্গই৷
সমগ্ৰ ঘটনাটো হত্যা নে আত্মহত্যা৷ইয়াক লৈয়েই এতিয়া চাঞ্চল্য অব্যাহত আছে ৷Body:জামুগুৰিহাটত৷মঙ্গলবাৰে জামুগুৰিহাটৰ টুপীয়াৰ নিকটৱৰ্তী বগাবিলস্থিত নাহৰবাৰী চাহ ফেক্টৰীৰ আবাসীক এলেকাত ফেক্টৰীটোৰ সহকাৰী পৰিচালক ডিব্ৰুগড় টিংখাংৰ হেমন্ত শৰ্মাৰ মৃতদেহ নিজৰ কোঠাত চিপজৰী লৈ থকা অৱস্থাত উদ্ধাৰ হয়৷নিশা কৰ্তব্য সমাপন কৰি আহি নিজৰ কোঠালৈ অহাৰ পাছত মঙ্গলবাৰে পুৱা ৯ বজালৈকে সহকাৰী পৰিচালক গৰাকী শোৱাপাতিৰপৰা নুঠাৰ বাবেই তেঁওৰ কাষৰ কোঠাত থকা কৰ্মচাৰীয়ে দুৱাৰ ধকিয়াই উঠোৱাৰ চেষ্টা কৰে৷কিন্তু সহ:পৰিচালকগৰাকীৰ কোনো উমান নাপায় খিড়ীকিৰ ভেন্টিলেটৰ সহায় লৈ চোৱাত চিপজৰী লৈ থকা অৱস্থাত সহ: পৰিচালকগৰাকীক প্ৰত্যক্ষ কৰে৷লগে লগে ফেক্টৰিটোত হুৱাদুৱা লাগে আৰু স্থানীয় আৰক্ষীক অৱগত কৰায়৷দণ্ডাধিশ সহ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ চিপজৰী লোৱা সহ:পৰিচালকগৰাকীৰ মৃতদেহটিৰ কিছু দিশ লক্ষ্য কৰি এয়া আত্মহত্যা নহ’বও পাৰে বুলি সন্দেহ প্ৰকাশ কৰি তদন্ত আৰম্ভ কৰে আৰু তদন্তৰ খাতিৰত অনিৰ্দিষ্টকাললৈ ফেক্টৰীটোৰ কামকাজ বন্ধ কৰাৰ নিৰ্দেশ দিয়ে দণ্ডাধিশ গৰাকীয়ে৷
BYTE1:দণ্ডাধিশ৷
BYTE2:আৰক্ষী৷
Conclusion:

ইফালে পৰিয়ালৰ লোকেও চিপজৰী লৈ আত্মহত্যা কৰা হেমন্ত শৰ্মাৰ মৃতদেহৰ তলত তেজৰ ডোঙা প্ৰত্যক্ষ কৰি এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ উল্থাপন কৰে৷আনহাতে ফেক্টৰীটোত সংঘটিত এই চাঞ্চল্যকৰ ঘটনাৰ খবৰ লাভ কৰাৰ পিছতো প্ৰায় ৪ ঘন্টাৰ পাছত পৰিচালক গৰাকী আহি ঘটনাস্থলীত উপস্থিত হোৱাক লৈও অসন্তুষ্টি ব্যক্ত কৰিছে পৰিয়ালৰ লোকে৷
BYTE:3,4:আত্মীয় আৰু ভগ্নী৷
ফেক্টৰীৰ সহ:পৰিচালক গৰাকীৰ মৃত্যুৰ প্ৰকৃত ৰহস্য মৰণোত্তৰ পৰীক্ষা আৰু আৰক্ষীৰ তদন্তৰ পাছতহে উদ্ঘাটন হ’ব যদিও পৰিয়ালৰ লোকৰ অভিযোগে অধিক ৰহস্যঘন কৰি তুলিছে সমগ্ৰ ঘটনাটি৷

Pransankar bhuyan
Sootea
ETv bharat (bharat)
06.08.2019
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.