ETV Bharat / jagte-raho

অসমত উদ্ধাৰ কোটি টকাৰ ক'লা ধন - Black money in Assam

অসমৰ তিনিগৰাকী ঠিকাদাৰৰ বাসগৃহত চলা তালাচীৰ পিচতেই উদ্ধাৰ হৈছে প্ৰায় 100 কোটি ক’লা ধন ৷ কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ বোৰ্ডে এক বিজ্ঞপ্তিযোগে শনিবাৰে এই কথা প্ৰকাশ কৰিছে ৷

অসমত উদ্ধাৰ কোটি টকাৰ ক'লা ধন
অসমত উদ্ধাৰ কোটি টকাৰ ক'লা ধন
author img

By

Published : Dec 26, 2020, 7:17 PM IST

নিউজ ডেস্ক, 26 ডিচেম্বৰ : চলিত সপ্তাহৰ 22 ডিচেম্বৰত গুৱাহাটীৰ বিভিন্ন স্থানত তালাচী অভিযান চলাইছিল কেন্দ্ৰীয় আয়কৰ বিভাগে ৷ তিনিগৰাকীকৈ ঠিকাদাৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানকে ধৰি বাসগৃহত চলোৱা হৈছিল এই অভিযান ৷ গুৱাহাটীৰ উপৰিও তিনিওগৰাকী ঠিকাদাৰৰ গুৱাহাটী, ছিলাপথাৰ আৰু পাঠশালাস্থিত বাসগৃহতো সমান্তৰালকৈ অভিযান চলাইছিল বিভাগে ৷ মুঠ 14 টা স্থানত চলিছিল বিভাগৰ এই অভিযান ৷ অসমৰ গুৱাহাটী, ছিলাপথাৰ আৰু পাঠশালাৰ উপৰিও দিল্লীতো তিনিওগৰাকী ঠিকাদাৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানতো চলিছিল এই অভিযান ৷

এই অভিযানৰ পিচতেই হিচাপবিহীন প্ৰায় 100 কোটি ক’লাধন জব্দ কৰিছিল কেন্দ্ৰীয় আয়কৰ বিভাগৰ তদন্তকাৰী দলটোৱে ৷ কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ বোৰ্ডে শনিবাৰে এক বিজ্ঞপ্তিযোগে এই কথা প্ৰকাশ কৰিছে ৷

বিভাগে প্ৰকাশ কৰা বিজ্ঞপ্তিটোত নগদ 2.95 কোটি টকাৰ লগতে বিভিন্ন সামগ্ৰীসহ মুঠ 100 কোটি হিচাপবিহীন ক’লাধন জব্দ কৰে বিভাগে ৷ প্ৰায় 9.79 লাখৰ গহণা জব্দ কৰাৰ লগতে আৰু 2 কোটি মূল্যৰ গহণাৰ পৰীক্ষণ চলি আছে বুলি বিজ্ঞপ্তিটোত প্ৰকাশ কৰে বিভাগে ৷

বিভাগে প্ৰকাশ কৰা অনুসৰি, তিনিওগৰাকী ঠিকাদাৰেই বিভিন্ন ঋণ গ্ৰহণ কৰাৰ লগতে কলকাতাস্থিত এক ভুৱা কোম্পানীৰ পৰা ঋণ গ্ৰহণ কৰা দেখুওৱাৰ লগতে তাৰ সূত প্ৰদান কৰি আহিছিল ৷ মুলত গুৱাহাটী আৰু কলকাতাৰ পৰা ঋণ গ্ৰহণ কৰা দেখুৱাই নিজৰ ব্যৱসায় চলাই গৈছিল তিনিওগৰাকী ঠিকাদাৰে ৷ অভিযানৰ সময়ত লাভ কৰা তথ্য অনুসৰি, ভুৱা কোম্পানীৰ পৰা প্ৰায় 65 কোটি সংগ্ৰহ কৰিছিল তিনিওটা ঠিকাদাৰী প্ৰতিষ্ঠানে ৷ অভিযানৰ সময়ত বহুকেইটা সন্দেহজনক লেন-দেনৰ তথ্যও লাভ কৰা বুলি বিভাগে প্ৰকাশ কৰে ৷ হস্পিতালিটী খণ্ডৰ সৈতে জড়িত থকা প্ৰায় 50 শতাংশ ভুৱা লেন-দেনৰ তথ্য বিভাগে লাভ কৰা বুলি বিজ্ঞপ্তিটোত প্ৰকাশ কৰে ৷

লগতে পঢ়ক : গুৱাহাটীৰ বিভিন্ন ঠাইত আয়কৰ বিভাগৰ অভিযান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.