ETV Bharat / jagte-raho

শ্বহীদ পত্নীক অশ্লীল ইংগিত দিয়া যুৱকৰ বিৰুদ্ধে গোচৰ ৰুজু - আৰক্ষী

শ্বহীদ পত্নীক অপমান কৰা ঘটনাত ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল সংগঠন ৷ ইতিমধ্যে আৰক্ষী থানাত পত্নী গৰাকীয়ে ৰুজু কৰে এটা গোচৰ ৷

Swahid Wife Case File Against One Youth At kamalpur Police Station
শ্বহীদ পত্নীক অশ্লীল ইংগিত দিয়া যুৱকৰ বিৰুদ্ধে গোচৰ ৰুজু
author img

By

Published : Jul 20, 2020, 3:34 PM IST

কামৰূপ, 20 জুলাইঃ কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ এজনী শ্বহীদ পত্নীলৈ অশ্লীল ইংগিত প্ৰদান কৰে এজন যুৱকে ৷ ইতিমধ্যে যুৱক জনৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰে পত্নী গৰাকীয়ে ৷

শ্বহীদ পত্নীক অশ্লীল ইংগিত দিয়া যুৱকৰ বিৰুদ্ধে গোচৰ ৰুজু

বাইহাটা চাৰিআলিত পুনৰ শ্বহীদ পত্নীক অপমান কৰা ঘটনা এটা পোহৰলৈ আহিছে । ফেচবুকৰ জড়িয়তে বিকাশ দাস নামৰ এজন যুৱকে শ্বহীদ সুনীল কলিতাৰ পত্নী পদুমী কলিতালৈ প্ৰেৰণ কৰিছে অশ্লীল ইংগিত । উক্ত ঘটনাত ক্ষুব্ধ হৈ ইতিমধ্যে বিকাশ দাস নামৰ যুৱক জনৰ বিৰুদ্ধে কমলপুৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে শ্বহীদ সুনীল কলিতাৰ পত্নী পদুমী কলিতাই । গোচৰ ৰুজু কৰাৰ সময়ত শ্বহীদ পত্নী গৰাকীৰ লগত উপস্থিত থাকে বিশ্ব হিন্দু পৰিষদ আৰু বজৰংগ দলৰ ৰঙিয়া জিলাা সমিতিৰ সদস্য সকল । উক্ত ঘটনা পোহৰলৈ অহাৰ লগে লগে যুৱকজনৰ বিৰুদ্ধে গৰজি উঠিছে স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল সংগঠন ৷ অতি শীঘ্ৰে যুৱক জনক আটক কৰি উচিত শাস্তি প্ৰদান কৰিবলৈ আৰক্ষী প্ৰশাসনক দাবী কৰিছে ৰাইজে ৷

লগতে পঢ়ক- মাৰণাস্ত্ৰসহ আৰক্ষীৰ জালত দুই দুধর্ষ ডকাইত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.