ETV Bharat / jagte-raho

কৰিমগঞ্জত বোৱাৰীৰ ৰহস্যজনক মৃত্যুক লৈ চাঞ্চল্য

author img

By

Published : Oct 16, 2020, 2:15 PM IST

কৰিমগঞ্জত পুনৰ বোৱাৰী নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে ৷ হত্যা কৰি সমগ্ৰ ঘটনা আত্মহত্যাৰ গাপ দিয়াৰ চেষ্টা ৷ অভিযোগ বোৱাৰীৰ পৰিয়ালৰ লোকৰ ৷

Suspected Woman Murder in Karimganj
কৰিমগঞ্জত বোৱাৰীৰ ৰহস্যজনক মৃত্যুক লৈ চাঞ্চল্য

কৰিমগঞ্জ, 16 অক্টোবৰ : কৰিমগঞ্জত পুনৰ বোৱাৰী হত্যাৰ অভিযোগ উত্থাপন হৈছে ৷ স্বামী আৰু তেঁওৰ পৰিয়ালৰ লোকে বোৱাৰীক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ নিৰ্মমভাৱে হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা স্বামীৰ পৰিয়ালৰ ।

তথ্য অনুসৰি, কৰিমগঞ্জত সংঘটিত হৈছে এটা চাঞ্চল্যকৰ ঘটনা । কৰিমগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত শিববাড়ি ৰোডত স্বামী অনুপম দে আৰু পৰিয়ালৰ লোকে নৃশংসভাৱে হত্যা কৰি নিজ গৃহতে চিপজৰী লগাই আত্মহত্যাৰ ৰূপ দিয়াৰ গুৰুতৰ অভিযোগ তুলিছে মৃত বিথি ৰায় পৰিয়ালবৰ্গই ।

লগতে পঢ়ক : অগ্নিকাণ্ডৰ কৱলত সাংবাদিক মফিদুল ইছলামৰ বাসগৃহ

অভিযোগ অনুসৰি, মৃত বোৱাৰী গৰাকীক বিয়াৰ পিচৰ পৰাই অত্যাচাৰ কৰি আহিছিল স্বামী পৰিয়ালৰ লোকে । মৃত্যু হোৱা বিথি ৰায় পৰিয়ালৰ অভিযোগৰ ভিত্তিত ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷

উল্লেখ্য যে, 6 বছৰ পূৰ্বে সামাজিক ৰীতি-নীতিৰ মাজেৰে বিথি ৰায় আৰু অনুপম দে সামাজিক বিবাহ সম্পন্ন হৈছিল । ঘটনা সংক্ৰান্তত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : চিৰাঙত 123 জন বহিঃৰাজ্য়ৰ লোকক অৱহেলাৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.