শিৱসাগৰ 31মাৰ্চ:শিৱসাগৰ সদৰ থানাত এগৰাকী মহিলাই এখন এজাহাৰ দাখিল কৰে। শ্ৰীমন্ত নগৰৰ এগৰাকী বিধৱা মহিলাই স্বামী নথকাৰ সুযোগ লৈ ৰফিকুল হাজৰিকা ওৰফে বাবুজান হাজৰিকা নামৰ এজন ব্যক্তিয়ে মহিলা গৰাকীক বহু দিনৰ পৰা যৌন উৎপীড়ন চলাই অহাৰ লগতে শাৰিৰীক নিৰ্যাতন, হত্যা,ব্লেকমেইলিং কৰি আহিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰি এজাহাৰ দাখিল কৰিছে শিৱসাগৰ সদৰ থানাত।
মহিলা গৰাকীয়ে এজাহাৰত উল্লেখ কৰিছে যে জিতু টেণ্ট হাউছ নামৰ এক ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বাত্তাধিকাৰী গৰাকীয়ে বিগত বহু দিনৰ পৰা বিধৱা মহিলা গৰাকীৰ লগত বলপূৰ্বক যৌন নিৰ্যাতন চলাই অহাৰ লগতে গোপন ভিডিঅ' কৰি ব্লেক মেইল কৰি আহিছে । লগতে মহিলা গৰাকীৰ সম্পত্তিৰ নথি-পত্ৰ বলপূৰ্বক কাঢ়ি লৈ বিভিন্ন প্ৰকাৰে ব্লেকমেইল কৰি আহিছে।
সামাজিক প্ৰতিপত্তি থকা ৰফিকুল ওৰফে বাবুজানৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিবলৈ মহিলা গৰাকীয়ে ভয় কৰি আহিছিল যদিও যোৱা ২৯ মাৰ্চ তাৰিখে ৷ উপায়ন্তৰ হৈ মহিলা গৰাকীয়ে গোচৰ দিয়ে ইতিমধ্যে আৰক্ষীয়ে ৩৯০/২০ নম্বৰৰ এক গোচৰ ৰুজু কৰি অনুসন্ধান অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে এইগৰাকী বাবুজান নামৰ ব্যক্তিয়ে কেইদিনমান আগত ল’ক ডাউনৰ সময়ত ক্ৰিকেট খেল অনুষ্ঠিত কৰি বৃহৎ জনসমাগম সৃষ্টি কৰাৰ বাবে প্ৰশাসনৰ ৰোষত পৰিছিল ৷ লগতে পঢক : ল’ক ডাউনৰ আলমলৈ নগাঁৱত সুৰাৰ ব্যৱসায়ঃ জব্দ চুলাই