ETV Bharat / jagte-raho

6 জুলাইত আলিগড় আদালতত হাজিৰ হ'বলৈ নিৰ্দেশ শ্বাৰ্জিল ইমামক - শ্বাৰ্জিল ইমাম আৰু অসম আৰক্ষী

অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা শ্বাৰ্জিল ইমামক 6 জুলাইত আলিগড় আদালতত হাজিৰ কৰিবলৈ অসম আৰক্ষীক অনুৰোধ জনাইছে উত্তৰ প্ৰদেশ আৰক্ষীয়ে ৷

6 জুলাইত আলিগড় আদালতত হাজিৰ হ'বলৈ নিৰ্দেশ শ্বাৰ্জিল ইমামক

author img

By

Published : Jun 24, 2020, 8:30 PM IST

নিউজ ডেস্ক, 24 জুন : নাগৰিকত্ব (সংশোধনী) আইন, 2019 আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ বিৰুদ্ধে প্ৰতিবাদৰ নামত দেশবিৰোধী ভাষণ দিয়া শ্বাৰ্জিল ইমামক জিম্মাত বিচাৰি অসম আৰক্ষীলৈ পত্ৰ প্ৰেৰণ কৰিছে উত্তৰ প্ৰদেশ প্ৰশাসনে ৷ শ্বাৰ্জিল ইমামক দেশদ্ৰোহিতাৰ গোচৰত দিল্লী আৰক্ষীয়ে বিহাৰৰ পৰা গ্ৰেপ্তাৰ কৰিছিল আৰু পৰৱৰ্তী সময়ত দিল্লী আৰক্ষীৰ পৰা অসম আৰক্ষীয়ে নিজৰ জিম্মাত লৈছিল ৷ বৰ্তমানে গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত কাৰাবাস খাটি আছে শ্বাৰ্জিল ইমামে ৷ আলিগড় প্ৰশাসনে উল্লেখ কৰা অনুসৰি, তেওঁলোকেও শ্বাৰ্জিল ইমামৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰিছে ৷

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী আৰু নাগৰিকত্ব (সংশোধনী) আইনৰ বিৰুদ্ধে হোৱা প্ৰতিবাদত নতুন দিল্লীত বিগত 13 জানুৱাৰীত দিয়া এক ভাষণত শ্বাৰ্জিল ইমামে অসমক দেশৰ পৰা পৃথক কৰি দিব লাগে বুলি মন্তব্য কৰিছিল ৷

আনহাতে একেধৰনেই 16 জানুৱাৰীত আলিগড় মুছলিম বিশ্ববিদ্যালয়টো প্ৰতিবাদৰ নামত দেশবিৰোধী মন্তব্য কৰিছিল শ্বাৰ্জিল ইমামে ৷ ইয়াৰ পিচতেই ইমামৰ বিৰুদ্ধে আলিগড় প্ৰশাসনে সংঘৰ্ষ বিয়পোৱাৰ অভিযোগত এটা গোচৰ ৰুজু কৰিছিল ৷ ইতিমধ্যে আলিগড়ৰ অসামৰিক দিশৰ চক্ৰ বিষয়া অনিল সামানিয়াই এই কথা প্ৰকাশ কৰাৰ লগতে গুৱাহাটীস্থিত কেন্দ্ৰীয় কাৰাগাৰ কৰ্তৃপক্ষক শ্বাৰ্জিল ইমামক আলিগড়লৈ পঠাবলৈ অনুৰোধ জনাইছে বুলি কয় ৷

6 জুলাইত আলিগড় আদালতত হাজিৰ হ'বলৈ নিৰ্দেশ শ্বাৰ্জিল ইমামক

উল্লেখ্য যে,CAA বিৰোধী আন্দোলনত দেশদ্ৰোহী মন্তব্য কৰাৰ অভিযোগত দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল শ্বাৰ্জিল ইমামক ৷ তাৰ পিচতে অসম চৰকাৰে নিজাববীয়াকৈ এক গোচৰ ৰুজু কৰি বিগত 20 ফেব্ৰুৱাৰীত তেওঁক অসমলৈ আনে ৷ প্ৰথমে চাৰি দিনৰ বাবে আদালতে আৰক্ষীৰ জিম্মাত ৰাখিবলৈ দিছিল যদিও পৰৱৰ্তী সময়ত অসম আৰক্ষীয়ে অতিৰিক্ত চাৰি দিনলৈ বৃদ্ধি কৰিছিল সেই ম্যাদ ৷ সৰ্বমুঠ আঠ দিনৰ আৰক্ষীৰ জিম্মাৰ পিচত আদালতত হাজিৰ কৰা হৈছিল শ্বাৰ্জিল ইমামক ৷

লগতে পঢ়কঃ ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত কাৰাবন্দী কৰা হ'ল শ্বাৰ্জিল ইমামক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.