ৰূপহীহাট, 20 জানুৱাৰী : নগাঁও জিলাৰ ৰূপহীহাটৰ জুৰীয়া উন্নয়ন খণ্ডৰ দুই সচিবক বিশ্বনাথ জিলালৈ শাস্তিমূলক বদলি ৷ দুয়োজন পঞ্চায়ত সচিবক বুধবাৰে দিয়া হৈছে এই বদলিৰ নিৰ্দেশ ।
পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আয়ুক্ত হেমেন দাসে দিছে বদলিৰ নিৰ্দেশ । জুৰীয়াৰ কছাৰী গাঁও পঞ্চায়তৰ সচিব আবুল কালাম আজাদক বিশ্বনাথ জিলাৰ পূৱ ছয়দূৱাৰ উন্নয়ন খণ্ডৰ খাৰুপূৰীয়া পঞ্চায়তলৈ আৰু মাহগুৰি পঞ্চায়তৰ সচিব মফিদুল ইছলামক আলুপাৰা পঞ্চায়তলৈ কৰা হৈছে বদলি ।

দুয়োগৰাকী সচিবৰ বিৰুদ্ধে গ্ৰামোন্নয়নৰ দুৰ্নীতিৰ বিৰুদ্ধে বিভাগৰ উচ্চ পৰ্যায়ৰ দল এটাই চলাইছিল ক্ষেত্ৰভিত্তিক তদন্ত আৰু সেই তদন্তত পোহৰলৈ আহিছিল বিয়াগোম কেলেংকাৰী তথ্য ।
লগতে পঢ়ক : দলীয় অন্তঃকন্দলে চামগুৰিত বিপদত পেলাব পাৰে বিজেপিক