জলপাইগুড়ি, 27 জুনঃ পশ্চিমবঙ্গৰ জলপাইগুড়িৰ পৰা অহা ইৰাণী গ্ৰুপৰ এটা দলে অসমৰ ভিন্ন প্ৰান্তত বিভিন্ন লোকৰ পৰা ধন কাঢ়ি নিয়াকে ধৰি চুৰি ডকাইতি লুণ্ঠণ আদি ঘটনা সংঘটিত কৰি আহিছে ৷ বৰপেটাৰোড আৰক্ষীয়ে বৃহস্পতিবাৰে পুৱতি নিশা আটক কৰিবলৈ সক্ষম হয় চাৰিজনীয়া দুৰ্ধৰ্ষ ডকাইতৰ দলটোক ৷আটকাধীন ইৰাণী গ্ৰুপৰ যুৱক কেইজন হ'ল জনী গোৱালা, মুন্না গোৱালা,সঞ্জু গোৱালা আৰু পাপ্পু গোৱালা ৷ ইৰাণী গ্ৰুপৰ এই যুৱক কেইজনৰ ঘৰ পশ্চিমবঙ্গৰ জলপাইগুড়ি জিলাৰ ৰাজগঞ্জত বুলি জানিব পৰা গৈছে ৷ ইৰাণী গ্ৰুপৰ দুৰ্ধৰ্ষ দলটোৰ পৰা আৰক্ষীয়ে বান্দৰ কেকোৰা ,হস্ত নিৰ্মিত চোকা অস্ত্ৰ,১১টা মোবাইল, দুখন এ টি এম কাৰ্ড, কেবাখনো ছিম কাৰ্ড উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷
উল্লেখ্য যে ধৃত ইৰাণী গ্ৰুপৰ দলটোৱে বৰপেটাৰোডৰ সেউজপুৰৰ সুশীল সিংহৰ ঘৰত কিছুদিন ধৰি ভাৰাতীয়া হিচাপে থাকি অসমৰ ভিন্ন প্ৰান্তৰ চুৰি, ডকাইতি, লুণ্ঠণ আদি চলাইছিল ৷ বৰপেটাৰোড আৰক্ষীয়ে এক গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই ইৰাণী গ্ৰুপৰ দলটোক কৰায়ত্ত কৰি জেৰা অব্যাহত ৰাখিছে ৷