ETV Bharat / jagte-raho

ভুল চিকিৎসাৰ বাবেই মৃত্যু হৈছিল আৰক্ষী কনিষ্টবল লক্ষেশ্বৰ হাজৰিকাৰ ! পুত্ৰৰ বিস্ফোৰক অভিযোগ

author img

By

Published : Aug 9, 2020, 6:42 PM IST

Updated : Aug 9, 2020, 9:55 PM IST

অৱহেলা নে ভুল চিকিৎসা? প্ৰকৃততে কি হৈছিল প্ৰয়াত আৰক্ষী কনিষ্টবল লক্ষেশ্বৰ হাজৰিকাৰ ? পুত্ৰৰ বিস্ফোৰক অভিযোগে এতিয়া সচকিত কৰিছে সচেতন মহলক ৷ কোভিড চিকিৎসা কেন্দ্ৰৰ চিকিৎসাক লৈ উথাপিত হৈছে বহু প্ৰশ্নৰ ৷

Police personal dies of Covid-19 in Nagaon, son alleged wrong treatment by covid doctor
ভুল চিকিৎসাৰ বাবেই মৃত্যু হৈছিল আৰক্ষী কনিষ্টবল লক্ষেশ্বৰ হাজৰিকাৰ !

নগাঁও, 9 আগষ্ট: কোভিড-19ত আক্ৰান্ত হৈ নগাঁৱৰ আৰক্ষী কনিষ্টবল লক্ষেশ্বৰ হাজৰিকাৰ মৃত্যু হোৱাৰ পাছতেই পোহৰলৈ আহিছে ন-ন তথ্য ৷ ভুল চিকিৎসাৰ বলি হোৱাৰ বাবেই আৰক্ষীৰ কনিষ্টবল লক্ষেশ্বৰ হাজৰিকাৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে ৷ শেহতীয়াকৈ প্ৰয়াত লক্ষেশ্বৰ হাজৰিকাৰ পুত্ৰই নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ লগতে মহানগৰীৰ দন্ত চিকিৎসালয়ৰ বিৰুদ্ধে উত্থাপন কৰিছে কেইবাটাও বিস্ফোৰক অভিযোগ ৷

চিকিৎসাৰ ক্ষেত্ৰত হোৱা অৱহেলা তথা ভুল চিকিৎসাৰ বাবেই লক্ষেশ্বৰ হাজৰিকাৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন কৰিছে তেখেতৰ পুত্ৰই ৷ আনকি চিকিৎসালয়ত থকাৰ সময়ত লক্ষেশ্বৰ হাজৰিকাৰ সতে হোৱা বাৰ্তালাপৰ এটা ভিডিঅ' ৰাজহুৱা কৰিছে কনিষ্টবল গৰাকীৰ পুত্ৰই ৷ য'ত আৰক্ষীৰ কনিষ্টবল গৰাকী প্ৰায় অৰ্ধ অচেতন অৱস্থাত থকা স্পষ্টকৈ দেখা গৈছে ৷ পুত্ৰৰ অভিযোগ চিকিৎসালয়ৰ বিছনাত এটুপি খোৱাপানীৰ বাবে হাহাকাৰ কৰিছিল লক্ষেশ্বৰ হাজৰিকাই ৷

উল্লেখ্য যে, বিগত মাহৰ শেষৰফালে জোৱানজনৰ দেহত কোভিড পজিটিভ ধৰা পৰাৰ পাছত নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰিছিল প্ৰশাসনে ৷ কিন্তু তাৰ পাছৰ পৰাই চিকিৎসাৰ ক্ষেত্ৰত নূন্যতম চিকিৎসাও লাভ নকৰাৰ বুলি পৰিয়ালৰ লোকক অৱগত কৰিছিল জোৱানগৰাকীয়ে ৷ কেৱল ইমানেই নহয় সময়ত পৰ্যাপ্ত খাদ্য যোগান নধৰাৰো অভিযোগ উত্থাপন কৰিছিল জোৱান জনে ৷

পৰৱৰ্তী সময়ত অতি ৰহস্যজনকভাৱে পৰিয়াল তথা আৰক্ষী বিভাগক অৱগত নকৰাকৈয়ে মহানগৰীৰ দন্ত চিকিৎসালয় কোভিড কেন্দ্ৰলৈ স্থানান্তৰ কৰা হৈছিল জোৱানজনক ৷ দুদিন ধৰি পিতৃৰ কোনো খবৰ নাপাই স্থানান্তৰৰ দুদিনৰ পাছত লক্ষেশ্বৰ হাজৰিকাৰ পুত্ৰই ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত যোগাযোগ কৰাতহে অৱগত হয় সমগ্ৰ ঘটনাৰ বিষয়ে ৷ ইয়াৰ মাজতে শুকুৰবাৰে সন্ধিয়া গুৱাহাটী দন্ত চিকিৎসালয় কোভিড চেন্টাৰতে মৃত্যু হয় আৰক্ষী জোৱান লক্ষেশ্বৰ হাজৰিকাৰ ৷

জোৱানজনৰ মৃত্যুৰ পাছতেই নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ লগতে মহানগৰীৰ দন্ত চিকিৎসালয়ৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে তেখেতৰ পুত্ৰ ৷ চৰম অৱহেলা আৰু ভুল চিকিৎসাৰ বাবেই পিতৃৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰিছে পুত্ৰই ৷ ঘটনা সন্দৰ্ভত উচিত তদন্তৰ দাবী জনাইছে প্ৰয়াত আৰক্ষী কনিষ্টবল লক্ষেশ্বৰ হাজৰিকাৰ পুত্ৰ তথা তেঁওৰ পৰিয়ালে ৷ কোভিড যুদ্ধৰ আগৰণুৱা এগৰাকী আৰক্ষীৰ চিকিৎসাৰ ক্ষেত্ৰতেই যদি এনে অৱহেলা তেন্তে সাধাৰণ কোভিড আক্ৰান্তৰ ক্ষেত্ৰত কেনেদৰে চলে চিকিৎসা সেৱা সহজেই অনুমেয় ৷

লগতে পঢ়কঃ চিপজৰীলৈ আত্মহত্যা বিবাহিত মহিলা চিকিৎসকৰঃ হত্যাৰ অভিযোগ পিতৃৰ

Last Updated : Aug 9, 2020, 9:55 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.