ওদালগুৰি , 4 এপ্ৰিল : মাজবাটত সাধাৰণ মতানৈক্যৰ পৰিণতিত এজন বাচন ব্যৱসায়ীক মৰিয়াই মৰিয়াই হত্যা সতীৰ্থ ব্যৱসায়ীৰ । হত্যাকাৰীক ফাঁচীৰ দাবী পৰিয়ালৰ লগতে অঞ্চলবাসীৰ ।
বুধবাৰে সতীৰ্থৰ সৈতে বিজয় দাস নামৰ ব্যৱসায়ীজন মাজবাটৰ লালপানী বজাৰত ব্যবসায়ৰ বাবে ওলাই গৈছিল । কিন্তু বজাৰৰ পৰা ব্যৱসায় সামৰি ঘৰলৈ অহাৰ সময়ত সাধাৰণ কথাতে মতানৈক্য হয় । আৰু ঘৰলৈ আহি চাৰি গৰাকী সতীৰ্থ ব্যৱসায়ীয়ে মিলি মৰিয়াই মৰিয়াই হত্যা কৰে বিজয় দাস নামৰ ব্যৱসায়ী গৰাকীক । উল্লেখ্য যে, বিজয় দাস নামৰ ব্যৱসায়ী গৰাকীৰ হত্যাকাৰী কেইজনসম্পৰ্কত ভনী জোঁৱায়েক । নিজ ভনী জোঁৱায়েকক হত্যা কৰিলে নিষ্ঠুৰ ককায়েক মুন্না দাস, ৰানা দাস, ননিগোপাল দাস আৰু দুলাল দাসে ।হত্যাকাণ্ডৰ ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ মাজবাট অঞ্চলতে চাঞ্চল্যই বিৰাজ কৰিছে । ইতিমধ্যে মাজবাট আৰক্ষীয়ে হত্যা কাণ্ডত জড়িত মূল অভিযুক্ত চাৰি গৰাকীক গ্ৰেপ্তাৰ কৰিছে । হত্যাকাৰীক ফাঁচীৰ দাবী জনাইছে পৰিয়ালৰ লোকৰ লগতে মাজবাটৰ ৰাইজে ।