মৰাণ, 18 ডিচেম্বৰ : ডিব্ৰুগড় জিলাৰ আৱকাৰী বিভাগে জিলাখনত চলি থকা অবৈধ চুলাইৰ লগতে অবৈধ দেশীয় মদৰ ব্যৱসায় বন্ধ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰি আহিছে যদিও এই অবৈধ মদৰ ব্যৱসায় বন্ধ কৰিবলৈ সক্ষম হোৱা নাই আজি পৰ্যন্ত । বিশেষকৈ জিলাখনৰ গ্ৰাম্যাঞ্চল আৰু বাগিচা অঞ্চলত অবৈধ মদৰ ব্যৱসায় ভয়ানকভাৱে বৃদ্ধি পাইছে । ফলত দিনক দিনে বৃদ্ধি পাইছে অসামাজিক কাৰ্যসমূহ ।
শুকুৰবাৰে ডিব্ৰুগড় জিলাৰ টেঙাখাত আৱকাৰী চক্ৰৰ উদ্যোগত ১নং জাগুন পথাৰ, ১ নং পাভজান, ২ নং পাভজান আদি এলেকাত অবৈধ সুৰা বিৰোধী অভিযান চলাই ২১০ লিটাৰ চুলাই মদ প্ৰস্তুতত ব্যৱহৃত সামগ্ৰী, ১৭ লিটাৰ চুলাই মদ জব্দ কৰা হয় ৷ জিলাখনৰ বিভিন্ন ঠাইত এই অভিযান পুনৰ চলিব বুলি আৱকাৰী বিষয়া সকলে জানিবলৈ দিয়ে ।
লগতে পঢ়ক : অবৈধ সুৰাৰ বিৰুদ্ধে আৱকাৰী বিভাগৰ অভিযান