ETV Bharat / jagte-raho

আৰক্ষীৰ জালত চন্দ্ৰ ইংতিৰ হত্যাকাৰী

author img

By

Published : Jul 7, 2020, 10:09 PM IST

সংঘাত আৰু ধনৰ লেন-দেনৰ বাবেই পশ্চিম কাৰ্বি আংলঙত প্ৰাণ গ'ল এজন লোকৰ ৷ ইতিমধ্যে উক্ত ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে আটক কৰিছে এজন লোকক ৷

one person arrested by police at Karbianglong
চন্দ্ৰ ইংতিৰ হত্যাকাণ্ডৰ হত্যাকাৰীক আটক আৰক্ষীৰ

হোজাই, 7 জুলাইঃ পশ্চিম কাৰ্বি আংলঙৰ উমচামুখ হত্যাকাণ্ডৰ লগত জড়িত এজন অভিযুক্তক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে । ধৃত লোকজনৰ নাম বাবুছিং হাঞ্চে ৷

উল্লেখ্য যে, যোৱা ৪ জুলাইত উমচামুখত উদ্ধাৰ হৈছিল এজন অচিনাক্ত পুৰুষৰ মৃতদেহ । আৰু তাৰ পাছতেই অঞ্চলৰজুৰি সৃষ্টি হৈছিল এক চাঞ্চল্যৰ । অৱশ্যে উদ্ধাৰ হোৱা মৃতদেহটো অঞ্চলটোৰ পাতিমুখ গাঁৱৰ নিবাসী চন্দ্ৰ ইংতিৰ বুলি চিনাক্ত কৰিছিল স্থানীয় ৰাইজৰ লগতে আৰক্ষীয়ে । আৰু এই ঘটনাৰ পাছতেই বৈঠালাংছ' থানা অধীনৰ উলুকুঞ্চি উপ আৰক্ষী চকীৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অব্যাহত ৰাখে অনুসন্ধান আৰু তদন্ত ৷ উক্ত তদন্তৰ অন্তত পাতিমুখ গাঁৱৰে বাবুছিং হাঞ্চে নামৰ লোক জনক নিশা নেলীৰ ১ নম্বৰ বৰপায়াক গাঁৱৰ পৰা আটক কৰিছে আৰক্ষীয়ে । আনহাতে ধৃত বাবুছিং হাঞ্চেৰ হাতৰ পৰা নগদ ৬৭ হাজাৰ টকাও উদ্ধাৰ কৰিছে আৰক্ষীয়ে । গুৰুত্বপূৰ্ণ বিষয় যে, ধৃত বাবুছিং হাঞ্চেৰ সৈতে মৃত চন্দ্ৰ ইংতিৰ সংঘাত আৰু ধনৰ লেন- দেনৰ বাবে চন্দ্ৰ ইংতিক চোকা দাৰে ঘপিয়াই হত্যা কৰিছিল আৰু ইংতিৰ হাতৰ পৰা ৬৭ হাজাৰ টকা লুটি নিয়া বুলি আৰক্ষীৰ আগত ইতিমধ্যে স্বীকাৰ কৰিছে ধৃত অভিযুক্ত জনে।

উল্লেখযোগ্য যে, যোৱা ৪ জুলাইত উমচামুখ গাৱঁৰ সমীপৰ এখন কৱৰস্থানৰ কাষৰ জংঘলৰ মাজৰ পৰা উদ্ধাৰ হৈছিল চন্দ্ৰ ইংতিৰ মৃতদেহ । মৃতদেহৰ শৰীৰৰ বিভিন্ন স্থানত আঘাতৰ চিন স্পষ্ট হৈ থকাৰ লগতে চোকা দাৰে ইংতিক ঘপিয়াই হত্যা কৰাৰ সন্দেহ কৰিছিল স্থানীয় ৰাইজ আৰু আৰক্ষীয়ে । আনহাতে মৃতদেহ উদ্ধাৰৰ দিনটোত ইংতিৰ পকেটৰ পৰা ২৫০০ টকা উদ্ধাৰ কৰিছিল আৰক্ষীয়ে ।

লগতে পঢ়ক- পিতৃৰ কামনাৰ বলি ৯ বছৰীয়া কন্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.