ETV Bharat / jagte-raho

বকোৰ দেউচৰ নদীৰ পৰা উদ্ধাৰ এ টি এম

author img

By

Published : Jul 30, 2020, 6:30 PM IST

ধৃত ডকাইতৰ স্বীকাৰোক্তিৰ ভিত্তিত দেউচৰ নদীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে এটা এ টি এম ৷ ইতিমধ্যে অধিক তথ্যৰ বাবে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

One ATM Recovered By Police At Boko
বকোৰ দেউচৰ নদীৰ পৰা উদ্ধাৰ এ টি এম

বকো, 30 জুলাইঃ বৃহস্পতি বাৰে বকোৰ দেউচৰ নদীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে এটা এটিএম মেচিন । যোৱা ২৭ জুনত বকো থানাৰ অন্তৰ্গত ছয়গাঁৱৰ ঔদ্যোগিক বিকাশ কেন্দ্ৰৰ পৰিসৰৰ পৰা ডকাইতৰ বৃহৎ দল এটাই ভাৰতীয় ষ্টেট বেংকৰ এটা এটিএম ডকাইতি কৰি লৈ গৈছিল । ইতিমধ্যে ডকাইতৰ দলটোৱে উক্ত এটিএমটোৰ পৰা ২৫ লাখ ৪১ হাজাৰ টকা লুটিছিল বুলি জানিবলৈ পোৱা গৈছে ।

বকোৰ দেউচৰ নদীৰ পৰা উদ্ধাৰ এ টি এম

এই ঘটনাৰ পিছতেই বকো আৰক্ষীয়ে তদন্ত চলাই উক্ত এটিএম ডকাইতি কাণ্ডৰ লগত জড়িত ডকাইতৰ দলটোৰ শুংসূত্ৰ উলিয়াবলৈ সক্ষম হয় ৷ ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ডকাইতি কাৰ্যত জড়িত পাঁচজন ডকাইতক কৰায়ত্ব কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। ধৃত ডকাইত কেইটাৰ স্বীকাৰোক্তিৰ ভিত্তিত কিছুদিন পূৰ্বে পুনৰ ৪ জন ডকাইতক বকো থানাৰ অন্তৰ্গত জামবাৰী আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মুন্না পাচনিৰ এটা দলে কামৰূপ জিলাৰ বিভিন্ন স্থানৰপৰা কৰায়ত্ব কৰে। ইফালে এই চাৰিও গৰাকী ডকাইতৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষী বিষয়া মুন্না পাচনিৰ নেতৃত্বত বকোৰ দেউচৰ নদীৰ পৰা বকো এছ ডি আৰ এফৰ এটা দলৰ সহায়ত এ টি এম ৰ মেচিনটো উদ্ধাৰ কৰে। আৰক্ষীয়ে বৰ্তমানলৈ নগদ ৫ লাখ টকা,ডকাইতি কৰা ধনেৰে কিনা বিভিন্ন সামগ্ৰী তথা বেংকত জমা কৰা ধন ডকাইত কেইটাৰ পৰা উদ্ধাৰ কৰিছে । আৰক্ষী বিষয়া মুন্না পাচনিয়ে জনোৱা মতে,আৰক্ষীৰ তদন্ত অব্যাহত আছে আৰু অতি শীঘ্ৰে এই ঘটনাৰ লগত জড়িত বাকী কেইজন ডকাইতকো কৰায়ত্ব কৰিবলৈ সক্ষম হ'ব বুলি সাংবাদিকৰ আগত মন্তব্য কৰে ।

লগতে পঢ়়ক- বকোত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.