ETV Bharat / jagte-raho

আৰক্ষীৰ চোৰাংচোৱাৰ সন্দেহত নক্সালে হত্যা কৰিলে নিৰপৰাধী লোকক - ঝাৰখণ্ডৰ ৰাঁচী জিলা

ঝাৰখণ্ডৰ ৰাঁচীত এগৰাকী নিৰপৰাধী ব্যক্তিক আৰক্ষীৰ চোৰাংচোৱাৰ সন্দেহত হত্যা কৰে নক্সালে ৷ ব্যক্তিগৰাকীক হত্যা কৰি ইয়াৰ দ্বায়িত্ব গ্ৰহণ কৰে চিপিআই (মাও) দলে ৷

আৰক্ষীৰ চোৰাংচোৱাৰ সন্দেহত নক্সালে হত্যা কৰিলে নিৰপৰাধী লোকক

author img

By

Published : Jul 18, 2020, 6:42 PM IST

নিউজ ডেস্ক, 18 জুলাই : ঝাৰখণ্ডৰ ৰাঁচী জিলাত মাওবাদীয়ে হত্যা কৰে এগৰাকী নিৰপৰাধী ব্যক্তিক ৷ শনিবাৰে দিনৰ ভাগত সংঘটিত হয় এই নৃশংস ঘটনা ৷ নক্সালবাদীৰ বিৰুদ্ধে আৰক্ষীক খবৰ দি অহাৰ অভিযোগত এইদৰে 30 বছৰীয়া ব্যক্তিগৰাকীক হত্যা কৰে নিষিদ্ধঘোষিত চিপিআই (মাও) সংগঠনে ৷

আৰক্ষীৰ চোৰাংচোৱাৰ সন্দেহত নক্সালে হত্যা কৰিলে নিৰপৰাধী লোকক

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, মাওবাদীয়ে হত্যা কৰা ব্যক্তিগৰাকীক মহাবীৰ মুণ্ডা বুলি চিনাক্ত কৰা হৈছে ৷ টামাৰ আৰক্ষী চকীৰ অধীনস্থ এলেকাৰ পৰা বৃহস্পতিবাৰে নিজৰ খেতিপথাৰত কাম কৰি থকা অৱস্থাত মুণ্ডাক অপহৰণ কৰি নিছিল মাওবাদীয়ে ৷ আৰক্ষীৰ চোৰাংচোৱাৰ সন্দেহত মুণ্ডাক অপহৰণ কৰি নি এইদৰে নৃশংসভাৱে হত্যা কৰে মাওবাদীয়ে ৷

মাওবাদীয়ে এৰি যোৱা পোষ্টাৰখন
মাওবাদীয়ে এৰি যোৱা পোষ্টাৰখন

এই ঘটনাৰ বিষয়ে জানিব পাৰি আৰক্ষীয়ে তালাচী অভিযান চলায় যদিও আৰক্ষীয়ে মুণ্ডাৰ নিথৰ দেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ মুণ্ডাৰ মৃতদেহৰ লগতে মাওবাদীয়ে এখন পত্ৰিকাও এৰি থৈ যায় ৷ পত্ৰিকাখনত মাওবাদীয়ে এই ঘটনাৰ সৈতে চিপিআই (মাও) দল জড়িত থকাৰ কথা লিখি থৈ যায় ৷ নক্সালে মুণ্ডাক হত্যা কৰি ওচৰৰে জংঘলত তেওঁৰ নিথৰ দেহ এৰি থৈ যায় ৷

ৰাঁচী (গ্ৰামীণ)ৰ আৰক্ষী অধীক্ষক নৌশাদ আলমে এই কথা প্ৰকাশ কৰিছে ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এক গোচৰ ৰুজু কৰিছে আৰু আৰক্ষীয়ে ইতিমধ্যে তালাচী অভিযান আৰম্ভ কৰিছে ৷

লগতে পঢ়কঃ বাঘজান কাণ্ড: 11টা ক্ষতিগ্ৰস্ত পৰিয়াললৈ 20 লাখকৈ টকাৰ চেক প্ৰদান অইল ইণ্ডিয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.