নিউজ ডেস্ক, 20 ডিচেম্বৰ : দুমাহ পূৰ্বে মথুৰাৰ এটা মন্দিৰত নামাজ পঢ়াৰ বাবে উত্তৰ প্ৰদেশ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ফৈজল খান নামৰ এগৰাকী যুৱকক ৷ অৱশেষত অভিযুক্ত যুৱকগৰাকীক আদালতে গোচৰত জামিন প্ৰদান কৰে ৷ এলাহাবাদ উচ্চ ন্যায়ালয়ে অভিযুক্ত খানৰ জামিন আবেদন গৃহীত কৰে ৷
অৱশ্যে সমগ্ৰ বিচাৰ প্ৰক্ৰিয়াটো এতিয়াই অন্ত পৰা নাই ৷ আদালতে সাময়িকভাৱে ফৈজল খানক জামিন প্ৰদান কৰিছে যদিও সমগ্ৰ তদন্ত প্ৰক্ৰিয়াত আৰক্ষীৰ লগতে আদালতক সহযোগ কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে ৷
সামাজিক মাধ্যমত মথুৰাৰ নন্দ বাবা মন্দিৰত ফৈজল খানৰ লগতে তেওঁৰ আন তিনিগৰাকী সংগীৰ নামাজ পঢ়াৰ ভিডিঅ' দুমাহ পূৰ্বে ভাইৰেল হৈ পৰিছিল ৷ ইয়াৰ পিচতেই আৰক্ষীয়ে চাৰিওকে গ্ৰেপ্তাৰ কৰিছিল ৷ এই কাণ্ডত জড়িত থকা আন তিনিগৰাকী অভিযুক্ত চান্দ মহম্মদ, আলোক ৰতন আৰু নীলেশ গুপ্তা ৷
এজাহাৰত উল্লেখ থকা অনুসৰি, অভিযুক্তসকল দিল্লীস্থিত খুদা-ই-খিদমতগাৰ নামৰ সংগঠনৰ সদস্য হোৱাৰ লগতে ফৈজল খান আৰু চান্দ মহম্মদে 29 অক্টোবৰত কোনোধৰণৰ অনুমতি নোলোৱাকৈ মন্দিৰৰ ভিতৰত নামাজ আদায় কৰিছিল ৷ সন্দেহ কৰা অনুসৰি, সামাজিক মাধ্যমত জনপ্ৰিয় হ'বৰ বাবেই তেওঁলোকে এই কাণ্ড সংঘটিত কৰিছিল ৷ এজাহাৰত এই কাণ্ডক হিন্দু সম্প্ৰদায়ৰ অনুভূতিত আঘাত কৰাৰ লগতে সাম্প্ৰদায়-সম্প্ৰীতিৰ এনাজৰীলৈ ভাবুকি বুলি উল্লেখ কৰা হৈছে ৷ অভিযোগকাৰীয়ে উল্লেখ কৰা অনুসৰি, এই কাণ্ডৰ বাবে তেওঁলোকে বহিঃৰাষ্ট্ৰৰ পৰা ধন লাভ কৰিছিল ৷
লগতে পঢ়ক : ৰাম মন্দিৰৰ সুৰক্ষা সন্দৰ্ভত উচ্চ পৰ্যায়ৰ বৈঠক