মৰিগাঁও, 19 চেপ্তেম্বৰঃ মৈৰাবাৰীত ড্ৰাগছ সৰবৰাহকাৰীৰ বৃহৎ নেটৱৰ্ক । বৃহস্পতিবাৰে পুৱতি নিশা মৈৰাবাৰী আৰক্ষীৰ জালত পৰিল এগৰাকী দুৰ্ধৰ্ষ ড্ৰাগছ সৰবৰাহকাৰী । উদ্ধাৰ হ'ল বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য । উল্লেখ্য যে, দুৰাবান্ধি বিল গাঁৱৰ মনিৰুদ্দিন নামৰ ড্ৰাগছ মাফিয়াটোৰ ঘৰৰ পৰা উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ নিচা জাতীয় দ্ৰব্য । অভিযানৰ পিচতেই গ্ৰেপ্তাৰ কৰা হয় মনিৰুদ্দিনৰ পত্নীক । মনিৰুদ্দিন নামৰ ড্ৰাগছ মাফিয়াটোৱে পত্নীৰ সৈতে মিলি দুৰাবান্ধিৰ নিজা ঘৰৰ পৰাই দীৰ্ঘদিন ধৰি ড্ৰাগছ ব্যৱসায় চলাই থকাৰ অভিযোগ ৷
বৃহস্পতিবাৰে পুৱতি নিশা এক গোপন সূত্ৰৰ পম খেদি মৈৰাবাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অদিত বড়োৰ নেতৃত্বত আৰক্ষীৰ দলটোৱে মনিৰুদ্দিনৰ ঘৰৰ পৰা ঊদ্ধাৰ কৰিবলৈ সক্ষম হয় কডিনযুক্ত কফ চিৰাপ ৫৭৩ বটল আৰু নিচাজাতীয় টেবলেট ৮২৫৬ টাৰ সৈতে বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী । আৰক্ষীৰ উপস্থিতিৰ উমান পাই মনিৰুদ্দিনে পলায়ন কৰে যদিও পত্নীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।