ETV Bharat / jagte-raho

তিনি নাবালক পুত্ৰক নদীত দলিয়াই নিজেও জাপ দিলে পিতৃয়ে - ৰায়গড় ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অভিষেক বাৰ্মা

ছত্তিশগড়ৰ ৰায়গড়ৰ এজন 38 বছৰীয়া লোকে দেওবাৰে পুৱাৰ ভাগত নিজৰ তিনি নাবালক পুত্ৰক নদীত দলিয়াই দিয়ে আৰু তেওঁ নিজেও নদীত জপিয়াই পৰে ৷ ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে ৷

Man throws sons into river in Chhattisgarh
ছত্তীশগড়ত তিনি নাবালিক পুত্ৰক নদীত দলিয়াই দিয়ে এজন লোকে
author img

By

Published : Aug 16, 2020, 10:38 PM IST

নিউজ ডেস্ক, 16 আগষ্ট: ছত্তিশগড়ৰ ৰায়গড় জিলাত ঘৰুৱা বিবাদৰ বাবে এজন 38 বছৰীয়া লোকে নিজৰ তিনি নাবালক পুত্ৰক নদীত দলিয়াই দিয়ে ৷ দেওবাৰে জিলা আৰক্ষীয়ে সদৰি কৰে এই কথা ৷

আৰক্ষীৰ ভাষ্য অনুসৰি, মুষলধাৰ বৰষুণৰ ফলত নদীখনৰ জলস্তৰ বৃদ্ধি পাইছে যদিও আৰক্ষীয়ে নাবালক তিনিটাৰ উদ্ধাৰ অভিযান আৰম্ভ কৰিছে ৷ ৰায়গড়ৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অভিষেক বাৰ্মাই কয় যে, দেওবাৰে পুৱাৰ ভাগত খাৰ্চিয়াৰ মান্দ নদীৰ দলঙৰ ওপৰত এই ঘটনা সংঘটিত হৈছিল ৷

এডু গাঁৱৰ নিৱাসী কাৰ্তিকেশ্বৰ ৰাঠিয়াই তেওঁৰ তিনি পুত্ৰ খিৰসাগৰ (5 বছৰ), নৰ্মদা (3 বছৰ) , 8 বছৰীয়া তেজ প্ৰকাশ আৰু অন্য এটা শিশু পুত্ৰক লৈ বাইকেৰে বাৰা গাঁও অভিমুখে গৈ আছিল ৷ ইয়াৰ পাচতে হঠাতে তেওঁ বাইকখন ৰখাই তিনি পুত্ৰক নদীত দলিয়াই দিয়ে আৰু তেওঁ নিজেও নদীত জপিয়াই দিয়ে ৷ কাৰ্তিকেশ্বৰ ৰাঠিয়াৰ পত্নীয়ে বাইকখনৰ পিছ লোৱাৰ বাবে এজনক বচাবলৈ সক্ষম হয় ৷

প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি, ঘটনাস্থলীত আৰক্ষী ড্ৰাইভাৰৰ সৈতে উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰিছে ৷ কিন্তু বৰ্তমানো কোনো এজনক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে ৷

South Eastern Coalfields Limited (SECL)ত কৰ্মৰত কাৰ্তিকেশ্বৰ ৰাঠিয়াৰ চৰম কাণ্ডৰ আঁৰত ঘৰুৱা বিবাদ জড়িত হৈ থকাৰ সন্দেহ কৰা হৈছে ৷ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷

লগতে পঢ়ক: বিএছএফৰ হাতত ধৃত পাকিস্তানী মাছমৰীয়া, চাৰিখন নাও জব্দ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.