ETV Bharat / jagte-raho

বিহাৰত ‘ৰাক্ষস ৰাজ’

author img

By

Published : Apr 5, 2019, 5:59 AM IST

এই অভিযোগ ৰাষ্ট্ৰীয় জনতা দলৰ নেতা তেজস্বী যাদৱৰ ৷ নিতিশ কুমাৰৰ অধীনৰ বিহাৰৰ চৰকাৰখনত আইন উলংঘা হোৱাৰ অভিযোগ ৰাষ্ট্ৰীয় জনতা দলৰ নেতাগৰাকীৰ ৷

etv bharat

পাটনা, 5 এপ্ৰিলঃ বিহাৰৰ নিতিশ কুমাৰ নেতৃত্বাধীন চৰকাৰক সমালোচনা ৰাষ্ট্ৰীয় জনতা দলৰ নেতা তেজস্বী যাদৱৰৰ৷ বিহাৰত নিতিশ কুমাৰৰ চৰকাৰখনে আইন উলংঘা কৰাৰ অভিযোগ তুলি ধৰি তেজস্বী যাদৱে বৃহস্পতিবাৰে কয় যে, বিহাৰত এতিয়া ৰাক্ষস ৰাজৰহে আৱিৰ্ভাৱ ঘটিছে ৷

উল্লেখ্য যে, শেহতীয়াকৈ এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰৰ হত্যাকাণ্ডৰ লগত জড়িত থকাৰ অপৰাধত বিহাৰ আৰক্ষীয়ে চাৰিজনকৈ লোকক আটক কৰিছিল ৷ আটকাধীন চাৰিজন লোকৰ ভিতৰত এগৰাকী আছিল জেডিএউ দলৰ নেতা সুৰেন্দ্ৰ পাটেলৰ পুত্ৰ ৷

এই সন্দৰ্ভত তেজস্বী যাদৱে প্ৰকাশ কৰে যে, পূৰ্বতেই বিহাৰৰ প্ৰাক্তন ডিজিপিয়ে প্ৰকাশ কৰিছিল যে আৰক্ষী অধীক্ষকে তেওঁৰ কথাত মন নিদিয়ে ৷ বিহাৰৰ গৃহ মন্ত্ৰণালয় বিহাৰৰ মুখ্যমন্ত্ৰীৰ অধীনত ৷ তেওঁলোকে কয় যে, বিহাৰত আইনবিধি সমূহ স্বাভাৱিকৰূপত চলি আছে ৷ কিন্তু প্ৰকৃতাৰ্থত বিহাৰত ৰাক্ষস ৰাজহে চলি আছে ৷ তেওঁ লগতে কয়, চৰকাৰৰ একাংশই যদি অপৰাধত জড়িত আছে আন একাংশ জড়িত আছে কেলেংকাৰীত ৷ শেহতীয়াকৈ সংঘটিত হোৱা হত্যাকাণ্ডৰ ঘটনাত দুখজনক আখ্যা দি তেওঁ কয় যে ঘটনাসন্দৰ্ভত আৰক্ষীয়ে গভীৰলৈকে তদন্ত কৰা উচিত ৷

বৃহস্পতিবাৰে পুৱা মুফাচিল অঞ্চলত উদ্ধাৰ হৈছিল ছাত্ৰ গৰাকীৰ মৃত দেহ ৷

Looks like 'Rakshas Raj' has come in Bihar: tejashwi Yadav

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.