ETV Bharat / jagte-raho

পথ নিৰ্মাণকাৰী মহিলা শ্ৰমিকক শাৰিৰীকভাৱে প্ৰহাৰ শিক্ষকৰ - সমালোচনাৰ পাত্ৰ শিক্ষক

ৰাস্তাত কাম কৰা মহিলা শ্ৰমিকক শাৰীৰিকভাৱে প্ৰহাৰ কৰি সমালোচনাৰ পাত্ৰ শিক্ষক । উচিত বিচাৰৰ দাবী শ্ৰমিক সকলৰ ।

পথ নিৰ্মাণকাৰী মহিলা শ্ৰমিকক শাৰিৰীকভাৱে প্ৰহাৰ শিক্ষকৰ
মহিলা শ্ৰমিকক প্ৰহাৰ কৰি সমালোচনাৰ পাত্ৰ হ'ল শিক্ষক
author img

By

Published : Dec 20, 2020, 5:09 PM IST

জনীয়া, 20 ডিচেম্বৰ : নিজৰ ঘৰত থাকি দুবেলা দুমুঠি খাবলৈ পালে কোনো ঘৰৰ কোনো মহিলাই পথ নিৰ্মাণ কৰা শ্ৰমিকৰ দৰে কাম নকৰিলেহেতেন । হয়তো আপোনাৰ ঘৰৰ মহিলাক ৰাজপথত শ্ৰমিক হিচাপে নিয়োগ নকৰে ।

প্ৰত্যক্ষদৰ্শীৰ মন্তব্য

মান-সন্মান কাতি কৰি পেটৰ তাড়নাত সম্প্ৰতি ৰাজআলিত বহু মহিলাই নিজকে শ্ৰমিক হিচাপে নিয়োগ কৰি নিজৰ ঘৰ চলাই আহিছে । এই মহিলা সকলক আপুনি সন্মানৰ দৃষ্টিৰে নেচালেও তেওঁলোকক অপমান অপদস্থ কৰাৰ অধিকাৰ হয়তো কাৰোৰেই নাই ।

ভুক্তভোগী মহিলা শ্ৰমিকৰ মন্তব্য

তেনে সময়তে কলগাছিয়াৰ উদমাৰিত এক নাভূত-নাশ্ৰুত কাণ্ড সংঘটিত হয় । উত্থাপিত অভিযোগ মতে উদমাৰী গাঁৱৰ শিক্ষক নজৰুল ইছলামে পথ নিৰ্মাণত ব্যস্ত মহিলা শ্ৰমিকক শাৰীৰিক প্ৰহাৰ কৰাৰ অভিযোগ পোৱা গৈছে ।

অভিযুক্ত শিক্ষকৰ মন্তব্য

উক্ত শিক্ষকজনৰ ঘৰৰ সম্মুখত ৰাস্তাৰ কাম কৰিবলৈ আহোঁতে শিক্ষকগৰাকীয়ে কামত বাধা প্ৰদান কৰে । শিক্ষকগৰাকীৰ মতে তেওঁৰ মাটি ৰাস্তাত সোমোৱাৰ বাবে নিৰ্মাণত বাধা প্ৰদান কৰে । যাৰ পৰিপ্ৰেক্ষিতত মহিলা শ্ৰমিক আৰু শিক্ষকজনৰ লগত তৰ্ক-বিতৰ্ক আৰু শেষত গৈ শিক্ষকগৰাকীয়ে মহিলা শ্ৰমিকক শাৰীৰিকভাৱে প্ৰহাৰ কৰাৰ লগতে মহিলা শ্ৰমিকসকলক অশ্লীল গালি-গালাজ কৰে বুলি মহিলা শ্ৰমিকসকলে অভিযোগ উত্থাপন কৰিছে । এইক্ষেত্ৰত গাঁওখনৰ ৰাইজে শিক্ষকজনক ধিক্কাৰ দিয়া পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক : চিৰাঙৰ চিকিৎসালয়ত বিটিচিৰ প্ৰমোদ বড়োৰ আকস্মিক পৰিদৰ্শন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.