ধুবুৰী, 17 জুন : হাটশিঙিমাৰীৰ সুখচৰ-বেপাৰীপাৰা দলংৰ পৰা অপহৃত ইমাম কাণ্ডৰ নতুন মোৰ । আৰক্ষীয়ে ইতিমধ্যে উদ্ধাৰ কৰিছে অপহৃত ইমামক । শাহুৱেকৰ মাটি বিক্ৰী কৰা ধন আদায়ৰ বাবে ইমামে ৰচিছিল অপহৰণৰ নাটক ।
দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীৰ পাৰ্শ্বৱৰ্তী সুখচৰ থানাৰ অন্তৰ্গত সুখচৰ-বেপাৰীপাৰা দলঙৰ পৰা মঙলবাৰে অপহৃত হোৱা মেঘালয়ৰ হেলেডিগঞ্জৰ দৰবেশ টিলা মছজিদৰ ইমাম ছাইফুল ইছলামক আৰক্ষীয়ে মানকাচৰ থানাৰ অন্তৰ্গত কুটিৰঘাট গাৱঁত উদ্ধাৰ কৰে । আৰক্ষীয়ে জানিবলৈ দিয়া মতে অপহৃত ইমাম ছাইফুল ইছলামে শাহুৱেকৰ মাটি বিক্ৰী কৰা ধন আদায়ৰ বাবে অপহৰণৰ নাটক কৰিছিল ।
আৰক্ষীয়ে এই সংক্ৰান্তত কেবাগৰাকী ব্যক্তি জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰি তদন্তৰ বাবে শোধা-পোছা অব্যাহত ৰাখিছে বিতৰ্কিত ইমামগৰাকীক । দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ আৰক্ষী অধীক্ষক কংকন জ্যোতি শইকীয়াৰ নেতৃত্বত সমগ্ৰ ঘটনাৰ তদন্ত চলি আছে । আৰক্ষীৰ তদন্তৰ পিছত আৰু কি তথ্য পোহৰলৈ আহে সেয়া লক্ষণীয় হ'ব ৷