ETV Bharat / jagte-raho

নগাঁৱত দুৰ্ঘটনাত পতিত চোৰাং কাঠভৰ্তি ট্ৰাক

নগাঁৱত চোৰাং কাঠ কঢ়িয়াই অনা এখন ট্ৰাক দুৰ্ঘটনাত পতিত হয় ৷ দুৰ্ঘটনা সংঘটিত কৰি ইতিমধ্যে পলায়ন কৰে চালক আৰু হেন্দিমেনজনে ৷

Illigal Wood Loaded Truck Accident At Nagaon
নগাঁৱত দুৰ্ঘটনাত পতিত চোৰাং কাঠভৰ্তি ট্ৰাক
author img

By

Published : Aug 4, 2020, 8:48 PM IST

নগাঁও, 4 আগষ্টঃ ৰাজ্যত কৰ'ণা ভাইৰাছৰ সংক্ৰমণে ভয়াবহ ৰূপ ধাৰণ কৰাৰ সময়তেই একাংশ বন মাফিয়াই চলাই গৈছে চোৰাং কাঠৰ অবৈধ ব্যৱসায় । তাৰ মাজতে মঙলবাৰে নগাঁৱত দুৰ্ঘটনাত পতিত হয় এখন চোৰাং কাঠভৰ্তি ট্ৰাক । ইতিমধ্যে ঘটস্থলীৰ পৰা পলায়ন কৰে দুৰ্ঘটনাগ্ৰস্ত ট্ৰাক খনৰ চালক আৰু হেণ্ডিমেন ।

নগাঁৱত দুৰ্ঘটনাত পতিত চোৰাং কাঠভৰ্তি ট্ৰাক

উল্লেখ্য যে, নগাঁৱৰ পাঠৰীৰ সমীপৰ দুৱাধৰ চাৰিআলিত দুৰ্ঘটনাত পতিত হয় এখন চোৰাং কাঠভৰ্তি ট্ৰাক । দুৰ্ঘটনাগ্ৰস্ত ট্ৰাক খনৰ নম্বৰ হৈছে- MN 01 8323 ৷ উক্ত দুৰ্ঘটনা গ্ৰস্ত ট্ৰাকখনত অবৈধভাৱে চোৰাং কাঠ সৰবৰাহ কৰাৰ সময়তে দুৰ্ঘটনাত পতিত হয় । স্থানীয় ৰাইজে এই খবৰটো আৰক্ষীক অবগত কৰে ৷ দুৰ্ঘটনাৰ খবৰ লাভ কৰি নগাঁও আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় যদিও ঘটনাস্থলীৰ পৰা ইতিমধ্যে পলায়ন কৰে ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেন জন । ইফালে ট্ৰাক খনত থকা লক্ষাধিক টকাৰ কাঠ জব্দ কৰে নগাঁও বন বিভাগে । ইফালে এই ঘটনটোৰ সন্দৰ্ভত ইতিমধ্যে বন বিভাগৰ লোকে অব্যাহত ৰাখিছে অনুসন্ধান ।

লগতে পঢ়ক- ফিল'বাৰীত দুখনকৈ অবৈধ কুণ্ডাভৰ্তি বাহন জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.