নগাঁও,25 আগষ্টঃ নগাঁও আবকাৰী বিভাগৰ ৰহস্যজনক নীৰৱতাৰ সুযোগ গ্ৰহণ কৰি বিভিন্ন প্ৰান্তত গঢ়ি উঠিছে অবৈধ সুৰাৰ ঘাটি । চহৰ খনৰ পান দোকান, গেলামাল দোকানকে আদি কৰি বহু ব্যৱসায় প্ৰতিষ্ঠানত অবৈধভাৱে দেশী, বিদেশী সুৰা বিক্ৰী কৰি অহা বুলি অভিযোগ কৰে একাংশ লোকে ৷
আনহাতে, সোমবাৰে নিশা নগাঁৱৰ বেবেজীয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কালিদাস থাউছেনৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলায় ৷ উক্ত অভিযানত বৰকলাৰ পৰা জব্দ কৰিবলৈ সক্ষম হয় বৃহৎ পৰিমাণৰ অবৈধ বিলাতী সুৰা।
উল্লেখ্য যে, বৰকলাৰ মনদীপ সিং আৰু অমৰজিত সিং নামৰ লোক কেইজনৰ ঘৰতে বিক্ৰীৰ বাবে মজুত কৰি ৰখা অৱস্থাত আৰক্ষীয়ে 56 লিটাৰতকৈয়ো অধিক সুৰা জব্দ কৰিবলৈ সক্ষম হয় ৷ লগতে মনদীপ সিং আৰু অমৰজিত সিঙক অবৈধ সুৰা সৰবৰাহৰ অভিযোগত আটক কৰে আৰক্ষীয়ে । আৰক্ষীয়ে জব্দ কৰা সুৰা খিনিৰ লগতে ধৃত সৰবৰাহকাৰী দুজনক ইতিমধ্যে নগাঁও আবকাৰী বিভাগক গতাই দিয়ে ।
লগতে পঢ়ক- আৰক্ষীৰ জালত মটৰ চাইকেল সহ পাঁচ চোৰ