ETV Bharat / jagte-raho

কলিয়াবৰত আৰক্ষীৰ জালত অবৈধ সুৰাসহ এখন বাহন

author img

By

Published : Aug 1, 2020, 4:19 PM IST

আৰক্ষীৰ অভিযানত কলিয়াবৰত এ. এচ.০১এন. ২৮১১ মাৰুতি ৱাগন আৰ বাহনৰ পৰা 16 কাৰ্টুন অবৈধ সুৰা জব্দ কৰিবলৈ সক্ষম হয় । ইতিমধ্যে অধিক তথ্যৰ বাবে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

Illegal Wine Seized By Police At Kaliabor
কলিয়াবৰত আৰক্ষীৰ জালত অবৈধ সুৰা সহ এখন বাহন

কলিয়াবৰ, 1 আগষ্টঃ কলিয়াবৰৰ শিলঘাট আৰক্ষীয়ে অভিযান চলাই 16 কাৰ্টুন অবৈধ সুৰা সহ এখন ৱাগন আৰ বাহন জব্দ কৰিবলৈ সক্ষম হয় ৷ ৰাজ্যত কৰ'ণাৰ ভয়াৱহ সংক্ৰমণৰ সময়তো নগাঁও জিলাৰ কলিয়াবৰত অব্যাহত আছে সুৰাৰ অবৈধ বেহা । ইতিমধ্যে এই অবৈধ সুৰাৰ বিৰুদ্ধে কলিয়াবৰৰ শিলঘাট আৰক্ষীয়ে তীব্ৰ অভিযান চলায় ৷ আৰক্ষীৰ অভিযানত এ.এচ.০১এন.২৮১১ মাৰুতি ৱাগন আৰ বাহনৰ পৰা অবৈধভাৱে সৰবৰাহ কৰা 16 কাৰ্টুন সুৰা জব্দ কৰিবলৈ সক্ষম হয় । ইতিমধ্যে আৰক্ষীক দেখি বাহনখনৰ পৰা এজন লোক পলায়ন কৰে। উল্লেখ্য যে,বাহনখনৰ গৰাকীক বিচাৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত কোনো শুং-সুত্ৰ উলিয়াব পৰা নাই‌ আৰক্ষীয়ে ।

আৰক্ষী সূত্ৰ মতে,জব্দ কৰা সুৰাখিনি বিক্ৰীৰ বাবে আনিছিল বুলি জানিবলৈ পোৱা গৈছে। এই বিষয়ে জব্দকৃত গাড়ীখনৰ গৰাকীক আটক কৰাৰ পিছতো সবিশেষ জানিবলৈ পোৱা যাব ৷

লগতে পঢ়ক- বৰহোলাত অবৈধ অস্ত্ৰসহ গ্ৰেপ্তাৰ এজনক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.