ETV Bharat / jagte-raho

কামপুৰত বন বিভাগৰ সন্মুখতে অব্যাহত শিলৰ অবৈধ বেহা - বঢ়মপুৰ

কামপুৰত অব্যাহত আছে শিল কঢ়িওৱা ট্ৰাকৰ দৌৰাত্ম ৷ বন বিভাগৰ সন্মুখতে এই অবৈধ শিলৰ ব্যৱসায় চলি থকাত এতিয়া চিন্তিত হৈ পৰিছে সচেতন ৰাইজ ।

thumb
কামপুৰত বন বিভাগৰ সন্মুখতে অব্যাহত অবৈধ শিলৰ ৰমৰমীয়া বেহা
author img

By

Published : Oct 4, 2020, 7:03 PM IST

বঢ়মপুৰ, 4 অক্টোবৰ : কামপুৰত এতিয়াও অব্যাহত আছে অবৈধ শিলৰ ৰমৰমীয়া ব্যৱসায় ৷ দীৰ্ঘ দিন ধৰি চালান বিহীন ভাৱে বন বিভাগৰ চকুৰ সন্মুখৰে অবৈধ শিল সৰবৰাহ কৰি থকা বুুলি অভিযোগ উঠিছে । ইফালে বন বিভাগৰ সন্মুখতে অসাধু চক্ৰই চৰকাৰক কৰ ফাকি দি চালান বিহীন ভাৱে সৰবৰাহ কৰি আহিছে শিল সমূহ ৷

কামপুৰত বন বিভাগৰ সন্মুখতে অব্যাহত  অবৈধ  শিলৰ ৰমৰমীয়া বেহা
কামপুৰত বন বিভাগৰ সন্মুখতে অব্যাহত অবৈধ শিলৰ ৰমৰমীয়া বেহা

হোজাই জিলাৰ ভেলৌগুৰিৰ পৰা অহা এই শিলৰ ট্ৰাক সমূহ কঠিয়াতলী আৰু কামপুৰ বন বিভাগৰ সন্মুখৰে পাৰ হয় যদিও কুম্ভ কৰ্ণ নিদ্ৰাত বন বিভাগ ৷ কামপুৰৰ পৰা চাংচকী হৈ বকুলগুৰিলৈ নিৰ্মাণ হৈ থকা এই পথটোত কঠিয়াতলীৰ ৰাজেশ তিৱাৰী নামৰ এজন অসাধু ব্যৱসায়ীয়ে যোগান ধৰি আহিছে বুলি অভিযোগ উঠিছে ৷

এতিয়া প্ৰশ্ন হয়, বন বিষয়াৰ লগত বুজাবুজি নাথাকিলে কেনেকৈ পাৰ হয় এই অবৈধ শিল ভৰ্তি ট্ৰাক সমুহ ৷ এই ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰে নগাঁৱৰ বন বিষয়াৰ লগতে বন মন্ত্ৰী গৰাকীয়ে ৷ সেয়াহে হ'ব উল্লেখনীয় বিষয় ।

লগতে পঢ়ক : নুমলীগড়ত গাঁতত পৰি অসহায় বন্যহস্তীৰ আৰ্তনাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.