বাক্সা, 26 মে' : কোভিড-১৯ সন্ত্ৰাস চলি থকাৰ মাজতে বাক্সা জিলাৰ তামুলপুৰ আৰক্ষী আৰু ভাৰতীয় সেনাৰ ৰেড হৰ্ণ ডিভিজনে জব্দ কৰিবলৈ সক্ষম হৈছে অবৈধ অস্ত্ৰ-শস্ত্ৰ ৷ জিলাখনৰ বিভিন্ন ঠাইত অভিযান চলাই অস্ত্ৰসহ চাৰিগৰাকী যুৱকক আটক কৰিবলৈ সক্ষম হয় অভিযানকাৰী দলটোৱে ৷

তামুলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অসীম বৰাৰ নেতৃত্বত কুমাৰীকাটা আৰু দৰঙ্গামেলা আৰক্ষী চকীৰ লগতে ভাৰতীয় সেনা বাহিনীৰ যৌধ অভিযানত অস্ত্ৰসহ আটক হয় যুৱককেইজন ৷ আটকাধীন যুৱককেইজনৰ পৰা অভিযানকাৰী দলটোৱে ৭.৫ দুটা পিষ্টল আৰু চাৰি জাঁই সজীৱ গুলি উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।
গোপন সূত্ৰৰ পম খেদি তামুলপুৰ আৰক্ষী আৰু ভাৰতীয় সেনাই দৰঙ্গামেলা আৰক্ষী চকীৰ অধীনৰ মেনকখ চাহ বাগিচাৰ জন খাল্কোকৰ ঘৰত অভিযান চলায় । জন খাল্কোৰ স্বীকাৰোক্তিৰ ভিত্তিতে ২ নং পলাশবাৰীত বুধান কৃষাণৰ ঘৰত অভিযান চলাই বুধানক আটক কৰাৰ লগতে বুধানৰ জিম্মাৰ পৰা এটা ৭.৬৫ পিষ্টল আৰু এক জাঁই সজীৱ গুলি উদ্ধাৰ কৰে ।
খাল্কোৰ স্বীকাৰোক্তিৰ ভিত্তিতে পুনৰ পাকিজুলীৰ হৰতলা চুপাত অভিযান চলাই জীতেন লাকৰা নামৰ আন এজন যুৱকক আটক কৰে । জীতেন লাকৰাৰ স্বীকাৰোক্তিৰ ভিত্তিতে অভিযানকাৰী দলটোৱে বাগানপাৰা আৰক্ষী চকীৰ অন্তৰ্গত অদলা গাঁওত অভিযান চলাই অভিৰাম তিৰ্কী নামৰ আন এজন যুৱকক আটক কৰা উপৰিও অভিৰামৰ ঘৰৰ পৰা এটা ৭.৬৫ পিষ্টল আৰু তিনি জাঁই সজীৱ গুলি উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।
এইদৰে এদিনতে চাৰিজনকৈ যুৱকক পিষ্টলসহ আটক কৰা ঘটনাটো তামুলপুৰ আৰক্ষী আৰু সেনা বাহিনীৰ এক বৃহৎ সাফল্য হিচাপে পৰিগণিত হৈছে । ইতিমধ্যে চাৰিওজনকে তামুলপুৰ আৰক্ষী থানাত অধিক তথ্যৰ বাবে সোধাপোচা কৰি থকা হৈছে । জীতেন লাকৰাই দিয়া স্বীকাৰোক্তি অনুসৰি তেওঁ কিছু বছৰ আগতে বিৰছা কামাণ্ড ফোৰ্চৰ সৈতে জড়িত আছিল আৰু তেতিয়াৰ পৰাই এই পিষ্টল তেওঁৰ লগত আছিল । জীতেন লাকৰাই জানিব দিয়া মতে তেওঁৰ পিষ্টলটো আদলা গাঁওৰ আভিৰাম তিৰ্কীৰ ঘৰত লুকুৱাই ৰাখিছিল ।

ইপিনে ধৃত চাৰিওজনৰ বিৰুদ্ধে তামুলপুৰ আৰক্ষী থানাত এক গোচৰ ৰুজু কৰা হৈছে । তামুলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অসীম বৰাই জানিবলৈ দিয়া মতে যুৱককেইজন বিভিন্ন অসমাজিক কাম কাজত লিপ্ত আছিল ।