ওদালগুৰি, 23 মে' : গোপন সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিত ওদালগুৰি আৰক্ষীয়ে এক সফল অভিযান চলাই ওদালগুৰি থানাৰ অন্তৰ্গত ১ নং গৰৈমাৰীৰ পৰা বুজন পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ কৰিব সক্ষম হয় । অতিৰিক্ত আৰক্ষী অধীক্ষক বিদ্যুৎ দাস বড়োৰ নেতৃত্বত চলা এই অভিযানত এটা একে ৫৬ ৰাইফল, এটা দেশীয় পিষ্টল, এটা চাইনিছ হেন্ড গ্ৰেণেড, এটা মেগজিন, ১৯ জাঁই 7.62 সজীৱ গুলী, 7.62 গুলীৰ খালী কাৰ্টীজ ৪ টা, 9MM সজীৱ গুলী ৬ জাঁই, .32 ৫ জাঁই গুলী উদ্ধাৰ কৰে আৰক্ষীয়ে ।
জানিব পৰা মতে ওদালগুৰি আৰক্ষীয়ে গোপন সূত্ৰৰ পৰা জিলা খনৰ ওদালগুৰি থানাৰ অন্তৰ্গত ১ নং গৰৈমাৰীত বুজন পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ পুতি থোৱাৰ খবৰ লাভ কৰে । এই খবৰৰ ভিত্তিতে ওদালগুৰি জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিদ্যুৎ দাস বড়োৰ নেতৃত্বত ওদালগুৰি আৰক্ষীয়ে যোৱা নিশা ১ মান বজাত অঞ্চলটোত এক অভিযান চলোৱা হয় । এই অভিযান কালতে ১ নং গৰৈমাৰীৰ শ্মশান এখনৰ কাষত পুতি থোৱা অৱস্থাত অস্ত্ৰ খিনি উদ্ধাৰ কৰে আৰক্ষীয়ে । এই অভিযানত ওদালগুৰি জিলাৰ উপ-আৰক্ষী অধীক্ষক মইদুল ইছলাম, ওদালগুৰি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নাৰায়ণ পটংগীয়াৰ লগতে বহু কেইজন আৰক্ষী বিষয়া উপস্থিত থাকে । বৰ্তমান ঘটনা সন্দৰ্ভত ওদালগুৰি আৰক্ষীয়ে ওদালগুৰি থানাত এটা নিজাববীয়া গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছে ।