ETV Bharat / jagte-raho

চিৰাঙত 50 লক্ষাধিক টকাৰ চোৰাং কাঠ জব্দ - আৰক্ষীৰ অভিযানত চোৰাং কাঠ জব্দ

চিৰাঙত চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায়৷ ৰুণিখাতাৰ বনাঞ্চলিক বিষয়া জড়িত থকাৰ সন্দেহ৷

50 লক্ষাধিক টকাৰ চোৰাং কাঠ জব্দ
author img

By

Published : Aug 23, 2019, 3:18 PM IST

চিৰাং,23আগষ্টঃ চিৰাং জিলাৰ ৰুণিখাতা থানাৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৰ সুলেখাগুৰিত বৃহৎ পৰিমানৰ চোৰাং কাঠ জব্দ হয় । গোপন তথ্যৰ ভিত্তিত জিলা সদৰ উপ আৰক্ষী অধীক্ষক প্ৰতাপ দাসৰ তত্বাৱধানত আৰু ৰুণিখাতা চক্ৰ আৰক্ষী বিষয়া ৰুস্থমৰাজ ব্ৰহ্ম, ৰুনিখাতা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰামচৰন ৰাভাই অভিযান চলাই মূল্যবান চোৰাং কাঠ সমুহ জব্দ কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে প্ৰকাশ কৰা মতে চোৰাং কাঠখিনিৰ মূল্য ৫০ লক্ষাধিক টকা৷ জব্দকৰা চোৰাং কাঠ সমুহ চিৰাং বন সংমণ্ডলৰ অধীনৰ ৰুণিখাতা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ত চমজাই দিয়াৰ ব্যৱস্থা কৰিছে আৰক্ষীয়ে ।

উল্লেখযোগ্য যে, বন বিভাগৰ একাংশ বিষয়া কৰ্মচাৰীয়ে চোৰাং কাঠ বেপাৰীৰ সৈতে মিলি চলাই আহিছে এনে ধৰণৰ চোৰাং কাঠৰ ব্যৱসায়৷ ৰুণিখাতাৰ বনাঞ্চলিক বিষয়া বসন্ত ৰায়ৰ গতিবিধি সন্দেহজনক বুলি দাবী কৰে স্থানীয় ৰাইজে৷

Intro:চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ সুলেখাগুৰিত চোৰাং কাঠৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানত বৃহৎ পৰিমানৰ চোৰাং কাঠ জব্দ । ৫০ লক্ষাধিক টকা মুল্যৰ চোৰাং কাঠ জব্দ ।

Body:চিৰাং জিলাৰ ৰুনিখাতা থানাৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৰ সুলেখাগুৰিত চোৰাং কাঠৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানত বৃহৎ পৰিমানৰ চোৰাং কাঠ জব্দ । গোপন তথ্যৰ ভিত্তিত জিলা সদৰ উপ আৰক্ষী অধিক্ষক প্ৰতাপ দাসৰ তত্বাৱধানত আৰু ৰুনিখাতা চক্ৰ আৰক্ষী বিষয়া ৰুস্থমৰাজ ব্ৰহ্ম, ৰুনিখাতা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰামচৰন ৰাভাই অভিযান চলাই মুল্যবান চোৰাং কাঠ সমুহ জব্দ কৰিবলৈ সক্ষম হৈছে । জব্দকৃত শতাধিক মুল্যবান  চোৰাং কাঠৰ কুণ্ডাৰ বজাৰ মুল্য প্ৰায় পঞ্চাশ লক্ষাধিক হব । জব্দকৃত চোৰাং কাঠ সমুহ চিৰাং বন সংমণ্ডলৰ অধিনৰ ৰুনিখাতা বনাঞ্চলিক বিষয়াৰ কাৰ্য্যালয়ত চমজাই দিয়াৰ ব্যৱস্থা কৰিছে আৰক্ষীয়ে । চিৰাং সংমণ্ডল ডি এফ অক জনোৱাৰ পিচতে আৰক্ষীয়ে এই ব্যৱস্থা লোৱাৰ কথা জনায় জিলা সদৰ উপ আৰক্ষী অধিক্ষক প্ৰতাপ দাসে  । 

Conclusion:এইখিনিতে উল্লেখ কৰিব পাৰি যে বন বিভাগৰ একাংশ বিষয়া কৰ্মচাৰীয়ে চোৰাং কাঠ বেপাৰীৰ সৈতে মিলিজুলিয়ে এই ধৰনৰ বৃহৎ চোৰাং কাঠৰ ব্যৱসায় চলাই গৈছে । ৰুনিখাতা বনাঞ্চলিক বিষয়া বসন্ত ৰায়ৰ গতিবিধিয়ো সন্দেহজনক বুলি দাবী কৰে প্ৰকৃতিপ্ৰেমীয়ে । দীৰ্ঘদিনৰ পৰাই ৰুনিখাতা বনাঞ্চলত নিয়োজিত থকা এই জন বনাঞ্চলিক বিষয়াক চোৰাং কাঠৰ সৰবৰাহৰ বিষয়ে অৱগত কৰাৰ পিচতো কোনো ধৰনৰ ব্যৱস্থা গ্ৰহন নকৰাৰ অভিযোগ উত্থাপন হৈছে । ৰুনিখাতা অঞ্চলৰ পৰা নিতৌ লাখ লাখ টকাৰ মুল্যবান চোৰাং কাঠ ট্ৰাকেৰে ৰাষ্ট্ৰীয় ঘাইপথেৰে অইন জিলালৈ প্ৰেৰন কৰে চোৰাং কাঠ বেপাৰীয়ে । জিলা সদৰ স্থিত বন সংমণ্ডল বিষয়াৰ কাৰ্য্যালয়ত বহু কেইটা তেনে গাড়ী জব্দ কৰি ৰখা পৰিলক্ষিত হৈছে । 

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.