ETV Bharat / jagte-raho

হাইলাকান্দিত সক্ৰিয় বাইক চোৰৰ বিৰুদ্ধে আৰক্ষীৰ সফল অভিযান

author img

By

Published : Jan 17, 2021, 1:07 PM IST

বিগত সময়ত হাইলাকান্দিৰ বিভিন্ন প্ৰান্তত সংঘটিত হৈছিল বাইক চুৰিৰ ঘটনা ৷ অৱশেষত অভিযানত চুৰি বাইকসহ এগৰাকী চোৰক কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে হাইলাকান্দি আৰক্ষী ৷

হাইলাকান্দিত সক্ৰিয় বাইক চোৰৰ বিৰুদ্ধে আৰক্ষীৰ সফল অভিযান
হাইলাকান্দিত সক্ৰিয় বাইক চোৰৰ বিৰুদ্ধে আৰক্ষীৰ সফল অভিযান

হাইলাকান্দি, 17 জানুৱাৰী : বাইক চোৰৰ বিৰুদ্ধে বৃহৎ অভিযান হাইলাকান্দি আৰক্ষীৰ । আৰক্ষীৰ অভিযানত জব্দ 8খনকৈ চুৰি হোৱা বাইক । যোৱাকালি হাইলাকান্দি জিলাৰ লালা বজাৰত বাইক চুৰি কৰাৰ সময়ত হাতে-লোটে ধৰা পৰে সাবুল আলম লস্কৰ নামৰ এজন যুৱক ৷

সাবুল আলম লস্কৰৰ গ্ৰেপ্তাৰৰ পিচতেই আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে বৰাকৰ তিনিখন জিলাৰ পৰা চুৰি হোৱা বাইক ৷ জিলাখনৰ লালা আৰক্ষীৰ তদন্তত আলগাপুৰৰ এখন বাইক মেৰামতিৰ দোকানৰ পৰা উদ্ধাৰ হয় চুৰি বাইকসমূহ ৷

বাইক চোৰৰ বিৰুদ্ধে সক্ৰিয় লালা আৰক্ষী

ঘটনা সন্দৰ্ভত দোকানৰ মালিক আবুল হুসেন লস্কৰকো লালা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । গ্ৰেপ্তাৰ হোৱা বাইক চোৰ আৰু বাইক মেৰামতিৰ দোকানৰ মালিকক আজি আদালতলৈ প্ৰেৰন কৰিছে লালা আৰক্ষীয়ে ৷ বাইক চোৰৰ বিৰুদ্ধে তদন্ত তথা অভিযান অব্যাহত থাকিব বুলি জনাইছে লালা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া লিটন নাথে ।

লগতে পঢ়ক : অসম লোকসেৱা আয়োগৰ নতুন অধ্যক্ষ নিযুক্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.