লখিমপুৰ, 4 অক্টোবৰ : লখিমপুৰ জিলা কাৰাগাৰৰ পৰা পলায়ন চাৰিটাকৈ কয়দীৰ । শুকুৰবাৰে নিশাই সংঘটিত হয় এই ঘটনা । চুৰি কাৰ্যৰ সৈতে জড়িত হৈ ৰঙা ঘৰত আছিল চাৰিওটা কয়দী। পলায়ন কৰা কয়দী কেইটা প্ৰনৱ বনিয়া,ৰাহুল দৈমাৰি,পাপু দাস আৰু লোকনাথ পেগু বুলি জানিব পৰা গৈছে ৷
ইফালে, কয়দী কেইটা কেনেকৈ পলায়ন কৰিলে সেই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কোনো কথা অৱগত কৰা নাই কাৰাগাৰ কৰ্তৃপক্ষই । পলায়নৰ ৩৬ ঘণ্টা উকলি যোৱাৰ পিছতো কোনো শুংসূত্ৰ নাই কয়দীকেইটাৰ । এইদৰে কাৰাগাৰৰ পৰা কয়দীৰ পলায়নক লৈ লখিমপুৰত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ।
লগতে পঢ়ক : ভাৰত-বাংলাদেশৰ নৌ-সেনাৰ যৌথ নৌ-সামৰিক অনুশীলন