ETV Bharat / jagte-raho

সুকমা আৰক্ষীৰ জালত 4 নক্সালবাদী

author img

By

Published : Jun 7, 2020, 9:08 PM IST

আটকাধীন অস্ত্ৰ সৰবৰাহকাৰীৰ পৰা পোৱা সূত্ৰৰ পম খেদি ছট্টীশগড় আৰক্ষীয়ে আটক কৰিলে 4 অস্ত্ৰ সৰবৰাহকাৰীক ৷ বৃহৎ অস্ত্ৰ সৰবৰাহকাৰী চক্ৰ আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা ৷

four-accused-arrested-for-supplying-explosives-to-naxals-in-sukma-chhattisgarh
সুকমা আৰক্ষীৰ জালত 4 নক্সালবাদী

নিউজ ডেস্ক , 7 জুনঃ ছট্টীশগড়ৰ সুকমা আৰক্ষীৰ বিশেষ সফলতা ৷ নক্সালবাদীক অস্ত্ৰ যোগান ধৰা 4 জন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে ৷ প্ৰথমে নক্সালবাদীক 300 গুলী যোগান ধৰা 2 জন সৰবৰাহকাৰীক আটক কৰিছিল আৰক্ষীয়ে ৷ পূৰ্বৰে পৰা এই কামৰ লগত জড়িত থকা বুলি স্বীকাৰোক্তি দিয়া সৰবৰাহকাৰীকেইটাৰ তথ্যৰ ভিত্তিতেই বাকী কেইজন সৰবাৰাহকাৰীকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী ৷ জব্দকৃত গুলীখিনি সুকমা অঞ্চলৰ পৰা কাঁকেৰত নক্সালবাদীক যোগান ধৰিবলৈ লৈ যোৱা হৈছিল বুলি স্বীকাৰ কৰিছে আটকাধীন সৰবৰাহকাৰী কেইজনে ৷

আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য মতে , এছ এল আৰ , একে 47 , থ্ৰী নট থ্ৰীৰ বহু সংখ্যক গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে ৷ নক্সালবাদীত গুলী যোগান ধৰা এটা ডাঙৰ চক্ৰৰ বিষয়েও আৰক্ষীৰ হাতত তথ্য আহি পৰিছে বুলি মন্তব্য কৰিছে আৰক্ষী প্ৰশাসনে ৷ নক্সালবাদী নেতা দৰ্শন পেধাৰ লগত সু-সম্পৰ্ক আছে এই সৰবৰাহকাৰী চক্ৰটোৰ ৷ নেতাজনৰ নেতৃত্বতেই এই সৰবৰাহ চক্ৰটো চলি আছে ৷

উল্লেখযোগ্য যে , নক্সাল অধ্যুষিত অঞ্চলত পথ নিৰ্মাণ কৰা ঠিকিদাৰ নিশান্ত জৈনক বিগত 14 মে'ত কাঁকেৰ আৰক্ষীয়ে আটক কৰিছিল ৷ 600 কোটি টকাৰ মালিক নিশান্ত জৈনৰ বিৰুদ্ধে আছে মাওবাদীক আৰ্থিকভাৱে সহায় কৰি অহাৰ অভিযোগ ৷

লগতে পঢ়কঃট্ৰাম্পৰ ফেচবুক পোষ্টৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ চান জুকাৰবাৰ্গ শাখাৰ ১৪০ জন বিজ্ঞানীৰ আহ্বান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.