ETV Bharat / jagte-raho

শ্বাৰ্জিল ইমামৰ বিৰুদ্ধে বেআইনী কাৰ্যকলাপ (ৰোধ) আইনৰ অধীনত গোচৰ

author img

By

Published : Apr 30, 2020, 9:09 AM IST

জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ শ্বাৰ্জিল ইমামৰ বিৰুদ্ধে বেআইনী কাৰ্যকলাপ (ৰোধ) আইনৰ অধীনত দিল্লী আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে । আলিগড় মুছলিম বিশ্ববিদ্যালয় আৰু জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ত উত্তৰ-পূৰ্বাঞ্চলক লৈ হিংসাত্মক মন্তব্য কৰিছিল শ্বাৰ্জিল ইমামে । পৰৱৰ্তী সময়ত বিহাৰৰ পৰা ২৮ জানুৱাৰীত গ্ৰেপ্তাৰ হৈছিল অভিযুক্ত শ্বাৰ্জিল ইমাম ।

শ্বাৰ্জিল ইমামৰ বিৰুদ্ধে গোচৰ
শ্বাৰ্জিল ইমামৰ বিৰুদ্ধে গোচৰ

নিউজ ডেস্ক, ৩০ এপ্ৰিলঃ উত্তৰ-পূৰ্বাঞ্চলক ভাৰতৰ সৈতে সংযোগ বিচ্ছিন্ন কৰি দিব লাগে বুলি মন্তব্য কৰা শ্বাৰ্জিল ইমামৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে দিল্লী আৰক্ষীয়ে । প্ৰাথমিক তদন্তৰ অন্তত ইমামৰ বিৰুদ্ধে দিল্লী আৰক্ষীয়ে বেআইনী কাৰ্যকলাপ (ৰোধ) আইনৰ অধীনত গোচৰ ৰুজু কৰিছে ।

লগতে পঢ়কঃ অসম সম্পৰ্কত কৰা মন্তব্যৰ বাবে প্ৰাক্তন JNU ছাত্ৰৰ বিৰুদ্ধে গোচৰ

ইয়াৰ পূৰ্বে ইমামক দেশদ্ৰোহিতাৰ গোচৰত আটক কৰা হৈছিল । শ্বাৰ্জিল ইমামৰ বিৰুদ্ধে অসমকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত বহুকেইটা গোচৰ ৰুজু হৈছিল । নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিবাদৰ নামত দিল্লীৰ শ্বাহিন বাগ তথা জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয় আৰু আলিগড় মুছলিম বিশ্ববিদ্যালয়ত গৈ ভাৰতবৰ্ষৰ বিৰুদ্ধে উচতনিমুলক মন্তব্য কৰিছিল ইমামে । ইমামৰ এই সমগ্ৰ ভাষণত অসমক ভাৰতবৰ্ষৰ পৰা পৃথক কৰি দিব লাগে বুলি স্পষ্টভাৱে উল্লেখ আছিল আৰু তাৰ দৃশ্য ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল ।

লগতে পঢ়কঃ দেশদ্ৰোহিতাৰ অভিযোগত বিহাৰত গ্ৰেপ্তাৰ জেএনইউৰ গৱেষক ছাত্ৰ শ্বাৰ্জিল ইমাম

পৰৱৰ্তী সময়ত পলায়ন কৰা শ্বাৰ্জিল ইমামক বিহাৰৰ পৰা ২৮ জানুৱাৰীত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল । ইয়াৰ পিচতে আদালতত হাজিৰ কৰোৱা হৈছিল ইমামক । পৰৱৰ্তী সময়ত অসমলৈয়ো নিয়া হৈছিল ইমামক ।

লগতে পঢ়কঃ ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত কাৰাবন্দী কৰা হ'ল শ্বাৰ্জিল ইমামক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.