গোলাঘাট, 29 অক্টোবৰঃ গোলাঘাট নগৰৰ এৰেংগাপাৰত দীপাৱলীৰ পুৱতি নিশা সংঘটিত হয় গুলীচালনাৰ ঘটনা। ঘৰত শুই থকা যুৱতীলৈ লক্ষ্য কৰি গুলী চালনা কৰে অচিনাক্ত দুৰ্বৃত্তই। যুৱতী গৰাকীৰ পিঠিৰ সোঁ দিশত ডিঙি আৰু বাহুৰ মাজত গুলীয়ে আঘাত কৰে। ইপিনে গুলী চালনা কৰিয়ে পলায়ন কৰে দুৰ্বৃত্তই । গুলীবিদ্ধ যুৱতী গৰাকীৰ নাম ৰিমঝিম বৰা। এখন বিউটি পাৰ্লাৰত কৰ্মৰত ৰিমঝিম বৰা। প্ৰেমজনিত সংঘাটৰ বাবেই এই ভয়ানক ঘটনা সংঘটিত হোৱাৰ অভিযোগ আৰক্ষীৰ। গুলী চালনা কৰা যুৱকজন জনৈক হক বুলি চিনাক্ত হৈছে। দীৰ্ঘদিন ধৰি প্ৰেমৰ প্ৰস্তাৱেৰে ব্লেকমেইল কৰি আহিছিল যুৱতী গৰাকীক । সম্প্ৰতি গুলীবিদ্ধ যুৱতী গৰাকী ডিব্ৰুগড় মেডিকেল কলেজত চিকিৎসাধীন হৈ আছে। এই ঘটনাই গোলাঘাটত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ইতিমধ্যে গোলাঘাট আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ।
লগতে পঢ়কঃ নগাঁও আৰক্ষী থানাৰ সন্মুখত এটিএম ভাঙি লণ্ড-ভণ্ড চোৰৰ