ETV Bharat / jagte-raho

লকডাউনৰ মাজতে সাধুক গনহত্যাঃ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী ফাডনাভিজৰ - Devendra Fadnavis

শিৱসেনা নেতৃত্বাধীন মহাৰাষ্ট্ৰ চৰকাৰক আক্ৰমণ কৰি ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দেভেন্দ্ৰ ফাডনাভিজে ৰাজ্যখনৰ পালগৰত সংঘটিত হোৱা গনহত্যাৰ এক উচ্চ-পৰ্যায়ৰ তদন্ত দাবী কৰিছে । বৃহস্পতিবাৰে নিশাৰ ভাগত সংঘটিত এই ঘটনাত দুগৰাকী সাধুকে ধৰি এগৰাকী গাড়ীচালকক আৰক্ষীৰ সন্মুখতে মৰিয়াই মৰিয়াই হত্যা কৰিছিল একাংশ লোকে । ঘটনাৰ সৈতে স্থানীয় আৰক্ষীৰ লোক জড়িত থকাৰ অভিযোগ উত্থাপন কৰে ফাডনাভিজে ।

পালগৰ গনহত্যাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী ফাডনাভিজৰ

author img

By

Published : Apr 20, 2020, 12:27 PM IST

নিউজ ডেস্ক, ২০ এপ্ৰিলঃ বৃহস্পতিবাৰে নিশাৰ ভাগত মহাৰাষ্ট্ৰৰ পৰা চুৰটলৈ বুলি গৈ থকা দুগৰাকী সাধুক নৃংশসভাৱে মৰিয়াই মৰিয়াই হত্যা কৰিছিল একাংশ উন্মাদ লোকে । মহাৰাষ্ট্ৰৰ পালগৰত সংঘটিত হৈছিল এই ঘটনা য'ত আৰক্ষীৰ সন্মুখতে সাধু দুগৰাকীৰ লগতে তেওঁলোকক লৈ অহা বাহনখনৰ চালকগৰাকীকো হত্যা কৰা হৈছিল । এই ঘটনাৰ পিচতেই মহাৰাষ্ট্ৰৰ শিৱসেনা নেতৃত্বাধীন চৰকাৰক কঠোৰ সমালোচনা কৰাৰ লগতে এই ঘটনাত স্থানীয় আৰক্ষী জড়িত থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দেভেন্দ্ৰ ফাডনাভিজে । ইয়াৰ উপৰিও এই ঘটনাৰ এক উচ্চ-পৰ্যায়ৰ তদন্তৰ দাবী কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়কঃ কৰ্নাটকত খোৱাপানীৰ বাবে হাহাকাৰ অৱস্থা

উল্লেখ্য যে, চুৰটৰ এক অন্তিম সংস্কাৰ অনুষ্ঠানত অংশ লোৱাৰ বাবে গৈ থকা অৱস্থাতে পালগৰত এইদৰে আক্ৰমণৰ সন্মুখীন হয় সাধু দুগৰাকী । মহাৰাষ্ট্ৰ আৰক্ষীয়ে দুয়োগৰাকী লোককে চোৰৰ সন্দেহত স্থানীয় জনতাৰ হাতত মৰিবলৈ এৰি দিয়ে । যাৰ ফলত সাধু দুগৰাকীৰ লগতে তেওঁলোকক লৈ অহা গাডীচালকগৰাকীয়ো মৃত্যুমুখত পৰে । নিহত তিনিওগৰাকীকে চিকনে মহাৰাজ কল্পভ্ৰুক্ষাগিৰি (৭০), সুশীলগিৰি মহাৰাজ (৩৫) আৰু গাড়ীচালকগৰাকী নীলেশ টালগেড়ে (৩০) বুলি চিনাক্ত কৰা হৈছে ।

তিনিওগৰাকী লোকৰ এই হত্যাকাণ্ডৰ সৈতে স্থানীয় আৰক্ষী জড়িত থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে ফাডনাভিজে । আনহাতে দেশৰ ভিতৰতে সৰ্বাধিক সংখ্যক কৰ'ণা আক্ৰান্ত থকা মহাৰাষ্ট্ৰত কিদৰে আৰক্ষীৰ উপস্থিতিতো এইদৰে একাংশ লোক একত্ৰিত হ'ব পালে তাক লৈয়ো প্ৰশ্নৰ উত্থাপন হৈছে । লকডাউনৰ কঠোৰ নীতি-নিয়ম উলংঘা কৰি এইদৰে তিনিগৰাকীকৈ ব্যক্তিক উন্মত্ত জনতাৰ হাতত মৰিবলৈ এৰি দিয়া মহাৰাষ্ট্ৰ আৰক্ষীৰ বিৰুদ্ধে চৰকাৰ তথা কেন্দ্ৰীয় গৃহ বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব । অৱশ্যে এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগ আৰক্ষীয়ে ১১১ গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে, যাৰ ভিতৰত ৯ গৰাকী কিশোৰ আছে ।

লগতে পঢ়কঃ হৃদয় বিদাৰক ! কৰ্ণাটকত লকডাউনৰ মাজতে অনাহাৰীৰ কান্দোন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.