মৰাণ, ১৫ ডিচেম্বৰ : ডিব্ৰুগড় জিলাত বৃদ্ধি পোৱা অসামাজিক কাৰ্যকলাপ ৰোধ কৰিবলৈ আৱকাৰী বিভাগৰ বিশেষ অভিযান । জিলাখনৰ গ্ৰামাঞ্চল আৰু বাগিছা অঞ্চলত বৃদ্ধি পাই অহা অবৈধ সুৰা আৰু বিদেশী সুৰাৰ অবৈধ ব্যৱসায়ৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে বিভাগে । কিন্তু এইক্ষেত্ৰত বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হোৱা নাই বিভাগ । এতিয়াও বিভিন্ন অঞ্চলত অব্যাহত আছে দেশী-বিদেশী সুৰাৰ অবৈধ ব্যৱসায় ।
![অবৈধ সুৰাৰ বিৰুদ্ধে আৱকাৰী বিভাগৰ অভিযান](https://etvbharatimages.akamaized.net/etvbharat/prod-images/07:22:22:1608040342_a-moran-8027to8030-operationagainstillegalwinebyexcisedepartmentofdibrugarh-as10031_15122020191854_1512f_1608040134_459.jpg)
মঙলবাৰে ডিব্ৰুগড় জিলাৰ আৱকাৰী বিভাগৰ এটা দলে এক ৰাজহুৱা অভিযোগৰ ভিত্তিত টেঙাখাত আৱকাৰী চক্ৰৰ অধীনৰ বৰখোলা, বামুণকুৰীয়া আদি এলেকাত অবৈধ সুৰাৰ ব্যৱসায়ৰ বিৰুদ্ধে অভিযান চলাই ৪০ লিটাৰ চুলাই মদ নিৰ্মাণকাৰী সামগ্ৰী আৰু ২৩ লিটাৰ চুলাই মদ জব্দ কৰে ৷ বিভাগে এই অভিযান চলি থাকিব বুলি জনোৱাৰ লগতে ৰাইজক আৱকাৰী বিভাগক সহায় কৰিবলৈ আহ্বান জনাইছে ডিব্ৰুগড় আৱকাৰী বিভাগে ।