নিউজ ডেস্ক, 7 জুলাই : উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক মঙলবাৰে বিয়লিভাগত হোৱাটছএপৰ পৰা কোনো অচিনাক্ত লোকে মৃত্যুৰ ভাবুকি প্ৰদান কৰিছিল ৷ ঘটনাৰ পিচতেই আৰক্ষীয়ে লাভ কৰা বিশেষ সূত্ৰৰ তথ্যৰ ভিত্তিত এই কাণ্ডৰ সৈতে জড়িত থকাৰ সন্দেহত এগৰাকীক আটক কৰিছে আৰক্ষীয়ে ৷
এই কাণ্ডৰ সৈতে জড়িত থকাৰ সন্দেহত এগৰাকী দ্বাদশ শ্ৰেণীত অধ্যয়নৰত ছাত্ৰক আটক কৰিছে আৰক্ষীয়ে ৷ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি ছাত্ৰজনৰ মোবাইলটোৰ পৰাই মৃত্য়ুৰ ভাবুকি প্ৰদান কৰা হৈছিল ৷
লগতে পঢ়কঃ দিহিং পাটকাইক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীতকৰণৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ
প্ৰতিবেদন অনুসৰি, অভিযুক্তগৰাকীয়ে কানপুৰ কাণ্ডৰ খলনায়ক বিকাশ ডুবেৰ গ্ৰেপ্তাৰত দেৰি হোৱাৰ বাবেই উত্তৰ-প্ৰদেশৰ মুখ্যমন্ত্ৰীক মৃত্য়ুৰ ভাবুকি প্ৰদান কৰি এটা মেছেজ প্ৰেৰণ কৰে ৷ উত্তৰ প্ৰদেশ আৰক্ষীৰ জৰুৰীকালীন কেন্দ্ৰ ইউপি 112ৱে এই মেছেজটো লাভ কৰাৰ পিচতে তাৎক্ষনিকভাৱে ইয়াৰ অনুসন্ধান চলায় আৰু ছাত্ৰগৰাকীৰ মোবাইলৰ পৰাই মেছেজটো প্ৰেৰণ কৰাটো নিশ্চিত কৰে ৷
ইতিমধ্যে আৰক্ষীয়ে ছাত্ৰগৰাকীৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰিছে আৰু কিশোৰ আদালতত উপস্থাপন কৰে ৷ ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত আছে ৷ ইতিমধ্যে আৰক্ষীয়ে ছাত্ৰগৰাকীৰ মোবাইলটো জব্দ কৰি তাৰ পৰীক্ষা-নিৰীক্ষা অব্যাহত ৰাখিছে ৷
লগতে পঢ়কঃ ৰাজ্যিক বিজেপিৰ বিৰুদ্ধে মুখ খুলিলে বিধায়ক শিলাদিত্য দেৱে