তিনিচুকীয়া, 21 অক্টোবৰ: দেওবাৰে খাটাংপানী চাহ বাগিচাৰ কিছু দূৰত্বত এজন যুৱকক হত্যা কৰি পেলাই থৈ যোৱাৰ ঘটনাৰ চাঞ্চল্যই মাৰ নৌযাওঁতেই বাগিচাখনৰ গড়কাপ্তানি পথৰ কাষত সোমবাৰে পুনৰ ঘৰৰ ভিতৰত চিপ লৈ থকা অৱস্থাত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সমগ্র পেঙেৰী অঞ্চলটোতে তীব্ৰ ৰহস্যৰ সৃষ্টি কৰিছে । উদ্ধাৰ হোৱা মৃতদেহটো জগত গগৈ (৩৫) বুলি জানিব পৰা গৈছে ।
ৰহস্যজনকভাৱে চিপ লৈ থকা বিবাহিত যুৱকজনৰ মৃতদেহ প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে এয়া এক পৰিকল্পিত হত্যাকাণ্ড হ'ব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে । উল্লেখ্যে যে, এই ঘটনা সংঘটিত হোৱাৰ সময়ত যুৱকজনৰ পৰিয়ালৰ কোনো লোক ঘৰত নাছিল বুলি জানিব পৰা গৈছে । পেঙেৰী আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ।