সিহোৰ,11 অক্টোবৰ : বিগত কিছুদিন পূৰ্বে উত্তৰ প্ৰদেশৰ হাথৰসত সংঘটিত গণ ধৰ্ষণৰ আতংক মাৰ নৌযাওঁতে পুনৰ মধ্য প্ৰদেশত সংঘটিত হৈছে এক গণ ধৰ্ষণৰ ঘটনা ৷ ৰাজ্যখনৰ সিহোৰ জিলাত সংঘটিত এই গণ ধৰ্ষণৰ বলি হৈছে এগৰাকী দলিত সম্প্ৰদায়ৰ মহিলা ৷ বিগত 7 অক্টোবৰত সংঘটিত এই গণ ধৰ্ষণৰ বলি হোৱা মহিলাগৰাকীয়ে আত্মীয়ৰ ঘৰলৈ গৈ থকা অৱস্থাত হাবিৰ সমীপত দুজন দুৰ্বৃত্তই যৌন আতিশায্য ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে শনিবাৰে দুজন লোকক আটক কৰে ৷ আটকাধীন লোক দুজন দেৱাছ জিলাৰ বাসিন্দা ধৰ্মেন্দ্ৰ সিং আৰু ভৱৰ সিং ৰাথোৰ বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে ৷
এই গণধৰ্ষণৰ ঘটনা প্ৰসংগত আৰক্ষী অধীক্ষক এছএছ চৌহানে এনেদৰে কয়,"আমি এই ঘটনা সম্পৰ্কে 8 অক্টোবৰতহে জানিব পাৰো ৷ মহিলাগৰাকীয়ে হাবিৰ সমীপৰে পাৰ হওঁতে ধৰ্ষণৰ বলি হয় " ৷ ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু হোৱাৰ লগতে আৰক্ষীয়ে এই কাণ্ডত জড়িত দুজন লোকক আটক কৰি অব্যাহত ৰাখিছে তদন্ত ৷ ইতিমধ্যে জৱাৰ আৰক্ষী থানাত গোচৰীয়াৰ ভাষ্যৰ ভিত্তিত ভাৰতীয় দণ্ডবিধিৰ অধীনত 376 নং ধাৰাত ৰুজু কৰা হৈছে এক গোচৰ ৷