চিৰাং, 17 জুন : চিৰাং জিলা সদৰৰ জেএচবি অসামৰিক চিকিৎসালয়ৰ পৰা মোবাইল চুৰিৰ ঘটনা । জিলাখনৰ মালিপাৰাৰ কৰ'ণা আক্ৰান্ত ফৌজোনদাও বসুমতাৰী(৩৬) দিল্লীৰ পৰা আহি কোৱাৰেন্টাইনত 7 দিন থকাৰ পিচত নিজৰ ঘৰত হোম কোৱাৰেন্টাইনত পঠিয়াই দিয়া হয় ৷ হোম কোৱাৰেন্টাইনত থকাৰ দুদিন পিচতে তেওঁৰ স্বাব পৰীক্ষাৰ ফলাফল কৰ'ণা আক্ৰান্ত বুলি আহে ।
![ধৃত চোৰটো](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-chg-03-chirangcovitpositivepatientsmobiletheft-vis-10012_17062020214436_1706f_1592410476_713.jpg)
তাৰ পিচতে লোকজনক জিলা সদৰ কাজলগাৱঁৰ জেএচবি অসামৰিক চিকিৎসালয়লৈ লৈ আহে । কৰ'ণা আক্ৰান্ত লোকজন আইচলেচন কক্ষত চিকিৎসাধীন হৈ থকা অৱস্থাত নিশা তেওঁ ব্যৱহাৰ কৰা মোবাইল ফোন চুৰি হয় সোমবাৰে নিশা । ঘটনা সন্দৰ্ভত চিকিৎসালয় কৰ্তৃপক্ষক মোবাইল চুৰিৰ অভিযোগ দিয়াৰ পিচত চিকিৎসালয় কৰ্তৃপক্ষই চিচিটিভি কেমেৰাৰ ভিজুৱেল পৰীক্ষা কৰে ৷ চিচিটিভিত নিশা 1.19 বজাৰ পিচত চোৰজনে আইচলেচন কক্ষত প্ৰৱেশ কৰাৰ লগতে 1.47 বজাত ওলাই যোৱাৰ দৃশ্য ধৰা পৰে ।
![ঘটনাস্থলীত আৰক্ষীৰ অনুসন্ধান](https://etvbharatimages.akamaized.net/etvbharat/prod-images/7661425_iaaame.jpg)
মোবাইলটোৰ লোকেচন পৰীক্ষা কৰাত বেংতল দেখুৱায় আৰু সেইমতে আৰক্ষীয়ে অভিযান চলায় । কৰ'ণা আক্ৰান্ত ৰোগীৰ মোবাইল চুৰি কৰি চোৰে গৈ পালে জিলাখনৰ বেংতল । জানিব পৰা মতে চিকিৎসালয়খনৰ প্ৰৱেশ পথত তলা লগোৱা আছিল যদিও নিশা চিকিৎসালয়ৰ ভিতৰত চোৰে কিদৰে প্ৰৱেশ কৰিলে সেই লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ । কৰ'ণা আক্ৰান্ত ৰোগী চিকিৎসা কৰা আইচলেচন কক্ষত চোৰে কিদৰে প্ৰৱেশ কৰিব পাৰিলে ? এই ক্ষেত্ৰত নিৰাপত্তাৰ ওপৰতো প্ৰশ্ন উত্থাপন হৈছে । চিকিৎসালয়খনত নিৰাপত্তা বাহিনীৰ লোক নিয়োজিত হৈ থকাৰ পিচতো ইমান ভিতৰত প্ৰৱেশ কৰি ৰোগী থকা কক্ষৰ পৰা মোবাইল চুৰি কৰি লৈ ঘৰলৈ যায় ।
![চুৰি হোৱা মোবাইলটো](https://etvbharatimages.akamaized.net/etvbharat/prod-images/7661425_image.jpg)
চিৰাং জিলা আৰক্ষী অধীক্ষক সুধাকৰ সিঙৰ নিৰ্দেশ অনুসৰি জিলা সদৰ উপ আৰক্ষী অধীক্ষক প্ৰতাপ দাসৰ নেতৃত্বত ৰুনিখাতা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰামচৰন ৰাভা আৰু বেংতল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হাইদৰ হুচেইনে অভিযান চলাই চিচিটিভি কেমেৰাৰ পৰা সংগ্ৰহ কৰা দৃশ্যৰ ভিত্তিত 2নং বেংতলৰ জগেশ বৰ্মনৰ পুত্ৰ বাপু বৰ্মন (পাপ্পু, 22)ক গ্ৰেপ্তাৰ কৰে ৷ গ্ৰেপ্তাৰ কৰা চোৰ বাপু (পাপ্পু) বৰ্মনে মোবাইল চুৰিৰ জৰিয়তে চিৰাং জিলাত কৰ'ণাৰ গণ সংক্ৰমন কৰিবলৈ লৈছিল ।
এই লৈ জিলাখনৰ চিকিৎসা বিভাগ আৰু আৰক্ষীৰ প্ৰশাসনৰ মাজত হুলুস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে । মোবাইল চুৰিৰ ঘটনা লৈ সাধাৰণ লোকৰ মাজতো সৃষ্টি হৈছে এক হুলুস্থুলীয়া পৰিৱেশ । ইতিমধ্যে আৰক্ষীয়ে চোৰজনক গ্ৰেপ্তাৰ কৰি কাজলগাৱঁৰ জেএচবি অসামৰিক চিকিৎসালয়ত কোৱাৰেন্টাইনৰ ব্যৱস্থা কৰিছে বুলি জানিব পৰা গৈছে । চোৰজনৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহনৰ কথাও জনায় জিলা সদৰ উপ আৰক্ষী অধীক্ষক প্ৰতাপ দাসে ।