ETV Bharat / jagte-raho

40 লাখ মূল্যৰ কানিসহ 7 সৰবৰাহকাৰীক গ্ৰেপ্তাৰ - ছত্তিশগড়ৰ মাহাছামুন্দ

ছত্তিশগড় আৰক্ষীয়ে দেওবাৰে এক অভিযান চলাই 400 কিল'গ্ৰাম নিচাজাতীয় সামগ্ৰী জব্দ কৰে ৷ ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে দুগৰাকী নাবালিকসহ 7 গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে ৷

40লাখ মূল্যৰ কানিৰ সৈতে ধৃত দুগৰাকী নাবালিকসহ 7 গৰাকী লোক

author img

By

Published : Aug 2, 2020, 7:23 PM IST

নিউজ ডেস্ক, 2 আগষ্ট : চাৰি কুইন্টল (400 কিল'গ্ৰাম) নিষিদ্ধ কানিৰ সৈতে ছত্তিশগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 7 গৰাকী লোকক ৷ দেওবাৰে এক অভিযানৰ সময়ত আৰক্ষীয়ে দুগৰাকী নাবালিকাসহ আন 5 গৰাকী লোকক 40 লাখ টকা মূল্যৰ কানিৰ সৈতে হাতে-লোটে কৰায়ত্ত কৰে ৷ ছত্তিশগড়ৰ মাহাছামুন্দ জিলাত সংঘটিত হয় এই ঘটনা ৷

ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰিছে স্থানীয় আৰক্ষীয়ে ৷ জিলা আৰক্ষী অধীক্ষক প্ৰফুল ঠাকুৰে এই কথা সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰিছে ৷ নিষিদ্ধঘোষিত নিচাজাতীয় সামগ্ৰী আইনৰ অধীনত ধৃত আটাইকেইগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে ৷

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা দলটোক নেতৃত্ব দিছিল সন্তোষ দৌৰা নামৰ অপৰাধীটোৰ বিৰুদ্ধে ইতিমধ্যেই উৰিষ্যা আৰক্ষীতো এক গোচৰ ৰুজু হৈ আছে ৷ 12গৰাকী লোকৰ সৈতে মিলি ৰিলায়েন্সৰ এখন ট্ৰাক ডকাইতি কৰাৰ গোচৰত অভিযুক্ত হৈ আছে সন্তোষ দৌৰা ৷

আৰক্ষীয়ে জব্দ কৰা নিষিদ্ধ কানিখিনিৰ বজাৰ মূল্য প্ৰায় 40 লাখ টকা হ'ব বুলি জানিব পৰা গৈছে ৷ এই ঘটনাৰ পিচতেই আৰক্ষীয়ে কোৰাপুট, চিত্ৰাকোন্দা আৰু মলকানগিৰি জিলাৰ 10 টাকৈ নিচাজাতীয় সামগ্ৰী সৰবৰাহ কৰা যোগসূত্ৰৰ বিষয়েও তথ্য লাভ কৰিছে বুলি সংবাদ মাধ্যমত প্ৰকাশ কৰিছে ৷

লগতে পঢ়কঃ অসম-অৰুণাচলৰ বিবাদমান সীমান্ত অঞ্চল পৰিদৰ্শন অগপ নেতা জয়ন্ত খাউণ্ডৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.