ETV Bharat / jagte-raho

অপহৰণৰ নাটক ৰচা RPF জোৱানৰ বিৰুদ্ধে আৰক্ষীৰ গোচৰ ৰুজু

author img

By

Published : Dec 24, 2020, 10:49 PM IST

আৰপিএফ জোৱান প্ৰসেনজিৎ ৰয়ৰ বিৰুদ্ধে নিজাকৈ গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে ৷

অপহৰণৰ নাটক ৰচা RPF জোৱানৰ বিৰুদ্ধে আৰক্ষীৰ গোচৰ ৰুজু
অপহৰণৰ নাটক ৰচা RPF জোৱানৰ বিৰুদ্ধে আৰক্ষীৰ গোচৰ ৰুজু

গুৱাহাটী, 24 ডিচেম্বৰ : নিজেই পতা ফান্দত বন্দী আৰপিএফ জোৱান প্ৰসেনজিৎ ৰয় । চলিত মাহৰ ১৫ তাৰিখে অপহৰণৰ এক নাটক ৰচনা কৰিছিল জোৱানজনে । ফোন যোগে চাৰিজনীয়া দুৰ্বৃত্তই মালিগাঁওস্থিত উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ মুখ্য কাৰ্যালয়ৰ সন্মূখৰ পৰা তেওঁক অপহৰণ কৰা বুলি জনাইছিল পৰিয়ালক ।

আৰক্ষী বিষয়া জ্যোতি প্ৰসাদ পেগু

তাৰ পিছতে মহানগৰ আৰক্ষী আৰু ক্ৰাইম ব্ৰাঞ্চৰ দলে ভাগে ভাগে চলাইছিল অভিযান । আৰক্ষীয়ে নিশাৰ ভাগত খৰগপুৰৰ পৰা উদ্ধাৰ কৰে আৰপিএফ জোৱানজনক । আৰপিএফ জোৱান প্ৰসেনজিৎ ৰয়ক উদ্ধাৰৰ পিছতেই পোহৰলৈ আহিছে অপহৰণৰ প্ৰকৃত ৰহস্য । নিজেই আত্মগোপন কৰি আছিল আৰপিএফ জোৱানজনে ।

আৰপিএফ জোৱান প্ৰসেনজিৎ ৰয়

বিভিন্ন ঋণত পোত গৈ থকা বাবেই এনে নাটক ৰচনা কৰিছিল জোৱানজনে । ইফালে আৰক্ষীক বিপথে পৰিচালিত কৰাৰ বাবে আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি ঘটনাৰ তদন্ত আগবঢ়াইছে ।

লগতে পঢ়ক : মেচগুৰি গুলিচালনাৰ সৈতে জড়িত তিনিজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.