কৰিমগঞ্জ, 22 আগষ্ট : কৰিমগঞ্জৰ ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তত সীমান্ত সুৰক্ষা বাহিনীয়ে চলোৱা অভিযানত উদ্ধাৰ হয় ইলিশ মাছ । সীমান্তত বিএছএফৰ অভিযানত অবৈধভাৱে বাংলাদেশৰ পৰা ভাৰতলৈ বুলি সৰবৰাহ কৰিবলৈ লোৱা অৱস্থাত জব্দ হয় 20 কিলোগ্ৰাম ওজনৰ মাছখিনি ৷
ভাৰতীয় চোৰাং ব্যৱসায়ীৰ সহযোগত ভাৰতত বিক্ৰী কৰি লৈ যোৱাৰ তথ্য পূৰ্বে লাভ কৰিছিল সীমান্ত সুৰক্ষা বাহিনীৰ চোৰাংচোৱা বিভাগে ।
এক গোপন সূত্ৰৰ ভিত্তিত সীমান্ত সুৰক্ষা বাহিনীয়ে অভিযান চলাই এইদৰে মাছখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয় । সীমান্ত সুৰক্ষা বাহিনীৰ অভিযানৰ খবৰ লাভ কৰি সেই স্থানৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় চোৰাং ব্যৱসায়ী । বিএছএফৰ 7ম বেটালিয়নৰ এ কোম্পানীৰ অভিযানত জব্দ হোৱা মাছখিনিৰ বজাৰ মূল্য প্ৰায় 1,25,000 হ'ব বুলি জনাইছে লক্ষীবাজাৰস্থিত বৰ্ডাৰ আউট পোষ্টৰ বিষয়াই৷ আনহাতে এই অভিযানত 20,000 টকাৰ মূল্যৰ এখন নাৱো জব্দ কৰে সীমান্ত সুৰক্ষা বাহিনীয়ে ৷