ETV Bharat / jagte-raho

বঙাইগাঁও আৰক্ষীৰ জালত 5 দুধৰ্ষ ডকাইতৰ - car dacoit in bongaigaon

বঙাইগাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথত পিয়াপি দি ফুৰিছে ডকাইত । আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ পাঁচ ডকাইত ।

গ্ৰেপ্তাৰ হোৱা পাঁচ ডকাইত
author img

By

Published : Oct 25, 2019, 2:49 PM IST

বঙাইগাঁও,25অক্টোবৰঃ বঙাইগাঁৱৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথত পিয়াপি দি ফুৰা পাঁচ ডকাইতক বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । উল্লেখ্য যে, জিলাখনৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গৰাইমাৰী (বিজনী)ত যোৱা ২০ অক্টোবৰত AS26C5771 নম্বৰৰ তেল টেংকাৰৰে চিৰাঙৰ বৈখুনগাঁৱৰ উচমান গণি সেখ নামৰ চালকজনে গৈ থকা অৱস্থাত পাঁচজনীয়া ডকাইতৰ দলে আগচি ধৰি ধন দাবী কৰাৰ লগতে মাৰপিট কৰিছিল । সেই পৰিস্থিতিৰ পৰা কোনো মতে নিজকে ৰক্ষা কৰি আহি বঙাইগাঁও থানাত গোচৰ দিছিল চালকজনে । উক্ত ঘটনাৰ পাছৰে পৰা বঙাইগাঁও আৰক্ষীয়ে ডকাইতৰ দলটোক বিচাৰি অভিযান আৰম্ভ কৰে । এই অভিযানৰ মাজতে যোৱা নিশা উক্ত ডকাইতৰ দলটোৱে জিলাখনৰ ৰাখালডুবিৰ দনকিনামাৰীত ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ গাড়ী ৰখাই ডকাইতি কাণ্ড সংঘটিত কৰিবলৈ চেষ্টা কৰাৰ সময়তে আৰক্ষীয়ে হাতে-লোটে 2 খন মটৰ চাইকেল সহ পাঁচজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । গ্ৰেপ্তাৰ হোৱা লোক কেইজন ক্ৰমে বাছিৰুদ্দিন মোল্লা, আছিদুল ইচলাম, মিজানুৰ ইচলাম, ৰফিকুল ইচলাম আৰু জহিৰুল ইচলাম । আটাইকেইজনৰ ঘৰ বিজনীৰ নিকটৱৰ্তী বঙাইগাঁও জিলাৰ গৰাইমাৰীত ।

বঙাইগাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথত পিয়াপি দি ফুৰিছে ডকাইত

চিৰাং-বঙাইগাঁও জিলাৰ ৰাষ্ট্ৰীয় ঘাইপথত বিশেষকৈ তেল টেংকাৰ আৰু বিভিন্ন সামগ্ৰী কঢ়িওৱা গাড়ী সমূহক টাৰ্গেট কৰি লৈ ডকাইতৰ দলে সন্ত্ৰাস চলোৱা এইয়া নতুন ঘটনা নহয় । কিন্তু বিগত কিছু দিনৰ পৰা এনেধৰণৰ ঘটনা ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে ।

Intro:বঙাইগাঁওৰ ৰাষ্ট্ৰীয় ঘাই পথত পিয়াপি দি ফুৰিছে ডকাইত । আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ পাঁচ ডকাইত ।

Body:
বঙাইগাঁও জিলাৰ ৰাষ্ট্ৰীয় ঘাই পথত পিয়াপি দি ফুৰা পাঁচ ডকাইতক গ্ৰেপ্তাৰ আৰক্ষীৰ । জিলাখনৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গৰাইমাৰী (বিজনী)ত যোৱা ২০ অক্টোবৰ তাৰিখে এএচ২৬ চি_৫৭৭১ নম্বৰৰ তেল টেংকাৰৰ গাড়ী লৈ চিৰাঙৰ বৈখুনগাঁওৰ উচমান গণি সেখ নামৰ চালক জনে গৈ থকা অৱস্থাত পাঁচজনীয়া ডকাইতৰ দলে আগচি ধৰি ধন দাবী কৰাৰ লগতে মাৰপিট কৰিছিল । কোনো মতে নিজকে ৰক্ষা কৰি আহি বঙাইগাঁও থানাত গোচৰ দিছিল । বঙাইগাঁও সদৰ থানাত এই সন্দৰ্ভত ৮০৯/১৯ নম্বৰ গোচৰ ৰুজু কৰিছিল ভাৰতীয় দণ্ডবিধিৰ ৩৪১/৩৮৪/৩৪ ধাৰা অনুসৰি । তাৰ পিচতে বঙাইগাঁও আৰক্ষীয়ে ডকাইতৰ দলটো বিচাৰি আছিল । যোৱা নিশা উক্ত ডকাইতৰ দলটোৱে জিলাখনৰ ৰাখালডুবিৰ দনকিনামাৰীত ৰাষ্ট্ৰীয় ঘাই পথত পুনৰ গাড়ী ৰখাই ডকাইতি কৰা সময়ত আৰক্ষীয়ে হাতেলোটে দুটা মটৰ চাইকেল সহ পাঁচজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । গ্ৰেপ্তাৰ লোক কেইজন ক্ৰমে বাছিৰুদ্দিন মোল্লা(২০),আছিদুল ইচলাম(২১),মিজানুৰ ইচলাম(১৯),ৰফিকুল ইচলাম(১৯) আৰু জহিৰুল ইচলাম (১৯)। আটাই কেইজনৰ ঘৰ বিজনীৰ নিকটৱৰ্তী বঙাইগাঁও জিলাৰ গৰাইমাৰীত ।

বাইট : অচি বঙাইগাঁও সদৰ থানা ।

Conclusion:চিৰাং-বঙাইগাঁও জিলাৰ ৰাষ্ট্ৰীয় ঘাইপথত বিশেষকৈ তেল টেংকাৰ আৰু বিভিন্ন সামগ্ৰী কঢ়িওৱা গাড়ী সমুহক টাৰ্গেট কৰি লৈ ডকাইতৰ দলে সন্ত্ৰাস চলোৱা নতুন ঘটনা নহয় । কিন্ত বিগত কিছু দিনৰ পৰা এই ঘটনা বৃদ্ধি পাইছে । আৰক্ষীয়ে যিমানেই এই ক্ষেত্ৰত কঠোৰ ভাৱে লৈ অভিযান চলায় তাতোকৈ অলপ আগুৱাই গৈ ডকাইত সকলে ডকাইতি কাৰ্য্য সংঘটিত কৰি আহিছে । শেষতীয়াকৈ গ্ৰেপ্তাৰ হোৱা এই পাঁচজন ডকাইতে তাকেই প্ৰমান কৰিছে ।

বঙাইগাঁওৰ পৰা আব্দুল মালেক আহমেদ ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.