ETV Bharat / jagte-raho

উত্তৰ প্ৰদেশত বিজেপি বিধায়কৰ বিৰুদ্ধে 420 ধাৰাত গোচৰ ৰুজু

author img

By

Published : Dec 27, 2020, 3:18 PM IST

আদালতত ভুৱা কোভিড প্ৰতিবেদন দাখিল কৰাৰ অভিযোগত এগৰাকী বিজেপি বিধায়কৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে উত্তৰ প্ৰদেশ আৰক্ষীয়ে ৷

উত্তৰ প্ৰদেশত বিজেপি বিধায়কৰ বিৰুদ্ধে 420 ধাৰাত গোচৰ ৰুজু
উত্তৰ প্ৰদেশত বিজেপি বিধায়কৰ বিৰুদ্ধে 420 ধাৰাত গোচৰ ৰুজু

নিউজ ডেস্ক, 27 ডিচেম্বৰ : বিজেপি বিধায়কৰ বিৰুদ্ধে উত্তৰ প্ৰদেশ আৰক্ষীয়ে ৰুজু কৰিছে ঠগ আৰু প্ৰবঞ্চনাৰ এক গোচৰ ৷ কোভিডৰ ভুৱা প্ৰতিবেদন আগবঢ়োৱাৰ অভিযোগত আৰক্ষীয়ে বিজেপি বিধায়ক আৰু মুখ্য স্বাস্থ্য বিষয়াৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ ৷

উত্তৰ প্ৰদেশৰ মেহদাৱল সমষ্টিৰ বিজেপি বিধায়ক ৰাকেশ সিং বাঘেল আৰু সন্ত কবীৰ নগৰৰ মুখ্য স্বাস্থ্য বিষয়া ডাঃ হৰগোবিন্দ সিঙৰ বিৰুদ্ধে কোটৱালি আৰক্ষী চকীত ৰুজু হৈছে গোচৰ ৷

অতিৰিক্ত সত্ৰ ন্যায়াধীশৰ সাংসদ-বিধায়ক আদালতৰ অধিবক্তা দীপকান্ত মনিৰ আদালতে দিয়া নিৰ্দেশৰ ভিত্তিত বিধায়কগৰাকীয়ে এটা গোচৰত আদালতত হাজিৰ হ’বলৈ কোৱাত ভুৱা কোভিড-19 প্ৰতিবেদন দাখিল কৰে ৷ বিগত চাৰিবছৰ ধৰি বিধায়কগৰাকীৰ বিৰুদ্ধে এই গোচৰৰ শুনানি চলি আছে যদিও এদিনো আদালতত উপস্থিত হোৱা নাছিল বিজেপি বিধায়ক ৰাকেশ সিং বাঘেলে ৷ যেতিয়াই আদালতে বিধায়কগৰাকীক উপস্থিত হ’বলৈ চমন জাৰি কৰে তেতিয়াই এইদৰে ভুৱা কোভিড প্ৰতিবেদন দাখিল কৰিছিল বাঘেলে ৷

সন্ত কবীৰ নগৰৰ মুখ্য স্বাস্থ্য বিষয়া ডাঃ হৰগোবিন্দ সিঙে প্ৰদান কৰা কোভিড-19ৰ প্ৰতিবেদনত বিষয়াগৰাকীয়ে বিধায়কগৰাকীয়ে হোম আইশ্ব’লেচনত থকা বুলি লিখিতভাৱে জনাইছিল ৷ কিন্তু এই বিষয়ত চোৱাচিতা কৰা ডাঃ বিবেক কুমাৰ শ্ৰীবাস্তৱে তেওঁৰ পৰিদৰ্শনকালত বিধায়কগৰাকীক নিজা বাসগৃহত অনুপস্থিত পায় ৷ পৰৱৰ্তী সময়ত তেওঁক ফোনযোগে যোগাযোগ কৰাত তেওঁৰ ফোনটো সংযোগ সীমাৰ বাহিৰত থকা বুলি কয় ৷

এই সমগ্ৰ ঘটনা আদালতে নিশ্চিত কৰাৰ পিচতেই বিধায়ক ৰাকেশ সিং বাঘেল আৰু স্বাস্থ্য বিষয়া ডাঃ হৰগোবিন্দ সিঙৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশনা দিয়ে আদালতে ৷ আদালতৰ নিৰ্দেশৰ পিচতেই খালিলাবাদ কোটৱালী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ কুমাৰ পাণ্ডে দুয়োগৰাকীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা 419, 420, 467, 468 আৰু 471ৰ অধীনত এক গোচৰ ৰুজু কৰে ৷

লগতে পঢ়ক : ক'ভিড-19ৰ প্ৰতিষেধক মজুত ৰখাৰ উদ্দেশ্যে সাজু অন্ধ্ৰপ্ৰদেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.