তামিলনাডু, 29 ছেপ্টেম্বৰ: সদায়ৰ দৰে সেইদিনাও নিজৰ অটোখন লৈ কামলৈ ওলাই গৈছিল অৰুণ প্ৰসাদ নামৰ লোকজন ৷ অটো চলাই সাধাৰণ ভাৱে জীৱন নিৰ্বাহ কৰা অৰুণ প্ৰসাদে শনিবাৰে তামিলনাডুৰ কীৰনাথন অঞ্চললৈ গৈ আছিল ৷ সেইসময়তে সংঘটিত হ’ল অঘটন ৷ দুচকীয়া বাহনত অহা দুজন লোকে অৰুণ প্ৰসাদক অতিক্ৰম কৰি যোৱাক কেন্দ্ৰ কৰি দুয়োপক্ষৰ মাজত বাক বিতণ্ডাৰ সৃষ্টি হৈছিল ৷
বহু সময় তৰ্ক বিতৰ্কৰ পাচতে অটো চালক অৰুণ প্ৰসাদে অটোখন ৰাস্তাৰ কাষৰে এখন চাহৰ দোকানত ৰখাই দিয়ে ৷ তেনেসময়তে দুচকীয়া বাহনত অহা লোকদুজনে আহি অৰুণ প্ৰসাদক কৰচেৰে নিৰ্মমভাৱে প্ৰহাৰ কৰিবলৈ ধৰে ৷ অটো চালকগৰাকীক বেয়াকৈ মাৰপিট কৰাৰ পাচতেই দুয়োজন লোক ঘটনাস্থলীৰ পৰা পলাই যায় ৷ স্থানীয় লোকে আহি অৰুণক উদ্ধাৰ কৰি ততাতৈয়াকৈ ওচৰৰে এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যায় যদিও দুৰ্ভাগ্যক্ৰমে অৰুণে মৃত্যুক আকোৱালি লয় ৷ সম্প্ৰতি, হত্যাকাৰীক বিচাৰী আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷