বৰপেটা, 18 ডিচেম্বৰ : অৱশেষত বৰপেটা আদালতে দোষী সাব্যস্ত কৰিলে 2018 বৰ্ষত বৰপেটাত সংঘটিত হোৱা যৌন নিৰ্যাতনৰ দুই অভিযুক্তক ৷ 5 বছৰৰ বাবে সশ্ৰম কাৰাদণ্ড বিহাৰ লগতে দুই হাজাৰ টকাৰ জৰিমনা বিহিছে আদালতে ৷
উল্লেখ্য যে, 2018 চনত বৰপেটা চহৰৰ মেটুৱাকুছিত সংঘটিত হৈছিল যৌন নিৰ্যাতনৰ ঘটনা ৷ 14 বছৰীয়া কিশোৰীক সন্ধিয়া দোকানলৈ অহা অৱস্থাত মুখত সোপা দি এখন বিদ্যালয়ত ওৰে নিশা যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছিল ৷ এই ঘটনাৰ তিনিমাহ পিচতেই মানসিকভাৱে ভাগি কিশোৰী গৰাকীয়ে আত্মহত্যাৰ দৰে চৰম সিদ্ধান্ত ল'ব লগা হৈছিল ৷
বৰপেটাৰ জুৰোৰাম পাঠক হাইস্কুলৰ 8 ম শ্ৰেণীৰ ছাত্ৰী আছিল কিশোৰী গৰাকী ৷ সৰুৰে পৰা খুড়াকৰ ঘৰত আশ্ৰয় লৈ পঢ়াশুনা কৰা কিশোৰীৰ লগত হোৱা ঘটনাৰ পিচতে খুড়াকে বৰপেটা সদৰ থানাত ৰুজু কৰিছিল গোচৰ ৷ সেই গোচৰৰ ভিত্তিতে শুকুৰবাৰে বৰপেটা আদালতে দুই অভিযুক্তক দোষী সাব্যস্ত কৰে ৷
আনহাতে,আদালতৰ ৰায় শুনিবলৈ বৰ্তমান কিশোৰী গৰাকী জীয়াই নাই যদিও আদালতৰ ৰায়ত আনন্দ প্ৰকাশ কৰিছে অঞ্চলবাসীৰ লগতে পৰিয়ালৰ লোকে ৷
লগতে পঢ়ক : কৰিমগঞ্জত চিপাহী বিদ্ৰোহৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি