ETV Bharat / jagte-raho

দিল্লীত আশ্ৰয়গৃহ জ্বলাই দিয়াৰ অপৰাধত 7 জনক গ্ৰেপ্তাৰ - কাশ্মীৰী গেট

দিল্লীৰ কাশ্মীৰী গেটৰ ওচৰৰ আশ্ৰয় গৃহত সংঘটিত অগ্নিকাণ্ডৰ ঘটনাৰ সৈতে জড়িত থকাৰ অপৰাধ দিল্লী আৰক্ষীয়ে 7 গৰাকী ব্যক্তিক আটক কৰিছে ৷ ধৃত ব্যক্তিকেইগৰাকীয়ে ইচ্ছাকৃতভাৱে তিনিটাকৈ আশ্ৰয়গৃহত অগ্নিসংযোগ কৰিছিল ৷ শনিবাৰে সন্ধিয়াৰ ভাগত সংঘটিত হৈছিল এই ঘটনা ৷

দিল্লীত আশ্ৰয়গৃহ জ্বলাই দিয়াৰ অপৰাধত 7জন ধৃত

author img

By

Published : Apr 13, 2020, 2:58 PM IST

নিউজ ডেস্ক, 13 এপ্ৰিলঃ দিল্লীৰ কাশ্মীৰী গেটৰ ওচৰৰ তিনিটাকৈ আশ্ৰয়গৃহত অগ্নিসংযোগ কৰাৰ অপৰাধত আৰক্ষীয়ে 7 গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে ৷ শনিবাৰে সন্ধিয়াৰ ভাগত কাশ্মীৰী গেটত সংঘটিত হৈছিল এই ঘটনা ৷ অগ্নিনিৰ্বাপক বাহিনীৰ পাঁচখনকৈ গাড়ীয়ে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হৈছিল ৷ সৌভাগ্যক্ৰমে এই ঘটনাত কোনো লোক হতাহত হোৱা নাই ৷

আৰক্ষীয়ে এই ঘটনাৰ সৈতে জড়িত থকা 6 জনকৈ লোকক শনিবাৰেই আটক কৰিছিল ৷ কিন্তু এই ঘটনাৰ আঁৰত জড়িত থকা মুখ্য অভিযুক্তগৰাকী পলাই আছিল ৷ অৱশেষত আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰাৰ লগতে আটাইকেইজনকে 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ৷

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত সংঘৰ্ষ সৃষ্টি কৰা, চৰকাৰী ব্যক্তিৰ ওপৰত আক্ৰমণ, ৰাজহুৱা সম্পত্তি ধ্বংস কৰাৰ অভিযোগত গোচৰ ৰুজু কৰিছে ৷ আশ্ৰয়গৃহত থকা লোকসকলক আৰক্ষীয়ে সুকলমে উদ্ধাৰ কৰাৰ লগতে অন্যান্য সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.