ডুমডুমা, 23 অক্টোবৰ : ডুমডুমাৰ বৰহাপজানত সংঘটিত হৈছে হত্যাকাণ্ড । ছয় বছৰীয়া এগৰাকী শিশুক ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহত এজন অভিযুক্তক ডুমডুমা আৰক্ষীয়ে কৰায়ত্ত কৰিছে । ঘটনাৰ বিৱৰণী অনুসৰি বৰহাপজানৰ গাতে লাগি থকা ক্ষুদ্ৰ চাহ বাগিচা এখনত কৰ্মৰত দিলীপ মাৰাণ্ডী নামৰ এজন যুৱকে 20 অক্টোবৰত একে অঞ্চলৰ ছয় বছৰীয়া এগৰাকী কন্যা শিশুক বজাৰ ফুৰাবলৈ বুলি নিয়াৰ পিছৰে পৰা শিশুটি অন্তৰ্ধান হৈ আছিল । কিন্তু বৃহস্পতিবাৰে অভিযুক্ত দিলীপ মাৰাণ্ডীক বাগিচাৰ মাজত লুকাই থকা অৱস্থাত স্থানীয় লোকে কৰায়ত্ত কৰি নিৰুদিষ্ট শিশুটিৰ বিষয়ে জানিবলৈ বিচৰাত হত্যা কৰি এটা শৌচালয়ত পেলাই থোৱা বুলি দিলীপ মাৰাণ্ডীয়ে স্বীকাৰোক্তি দিয়ে । পৰৱৰ্তী সময়ত ডুমডুমা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ এটা শৌচালয়ৰ পৰা শিশুটিৰ মৃতদেহ সম্পূৰ্ণ উলংগ অৱস্থাত উদ্ধাৰ কৰে । শিশুটিক ধৰ্ষণ কৰি হত্যা কৰা বুলি সন্দেহ কৰি স্থানীয় লোকে দিলীপ মাৰাণ্ডী নামৰ অভিযুক্তটোক গণপ্ৰহাৰ কৰি আৰক্ষীক চমজায় দিয়ে ।
লগতে পঢ়ক : জোনাইত উদ্ধাৰ 50 বৰ্ষীয় এগৰাকী ব্যক্তিৰ মৃতদেহ