ETV Bharat / jagte-raho

গোলাঘাটত আৰক্ষীৰ জালত চাৰিটাকৈ গভাইত চোৰ

author img

By

Published : Aug 18, 2020, 3:31 PM IST

ৰঙাজানত গাঁওৰক্ষী বাহিনীৰ সহযোগত আৰক্ষীয়ে আটক কৰে চাৰিটা গভাইত চোৰক ৷ দীৰ্ঘ দিন ধৰি অঞ্চলটোত ধৃত চোৰৰ দলটোৱে চুৰি কাণ্ড সংঘটিত কৰি আহিছিল বুলি জানিবলৈ পোৱা গৈছে ৷

4 Thief Arrested By Police At Golaghat
গোলাঘাটত আৰক্ষীৰ জালত চাৰিটাকৈ গভাইত চোৰ

গোলাঘাট, 18 আগষ্টঃ গোলাঘাটৰ ৰঙাজানত ৬ আগষ্টত চুৰিকাণ্ড সংঘটিত কৰা চাৰিটা চোৰক অঞ্চলটোৰ গাঁওৰক্ষী বাহিনীৰ সহযোগত আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। ধৃত চোৰ কেইটাৰ পৰা আৰক্ষীয়ে এ এচ ০৫ চি ৮২২৪ নম্বৰৰ বলেৰ' পিক আপ গাড়ী এখনো জব্দ কৰে ।

ধৃত চোৰ কেইটা হৈছে জাকিৰ হুছেইন, বুবুল আলী ওৰফে ৰঘু, ইমৰান হুছেইন আৰু ৰাজিবুদ্দিন আহমেদ। বুবুল আলী ওৰফে ৰঘু এটা দুধৰ্ষ ডকাইত ৰূপে পৰিচিত । চোৰৰ দলটো গৰু, ছাগলী, গাড়ী আদি বিভিন্ন চুৰি ঘটনাৰ লগতো জড়িত বুলি অঞ্চলটোৰ গাঁওৰক্ষী বাহিনীয়ে জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে, যোৱা ৬ আগষ্টৰ নিশা ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত থকা ৰঙাজান অঞ্চলৰ দুখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা কেইবা লক্ষাধিক টকাৰ সামগ্ৰী লুটি নিছিল চোৰৰ দলটোৱে । তাৰোপৰি ৰঙাজানৰ বিশাল হাৰ্ডৱেৰ দোকান খনৰ পৰা প্ৰায় দুই লক্ষাধিক টকাৰ সামগ্ৰী চুৰি কৰি নিয়ে । ইয়াৰোপৰি সেই নিশা চোৰৰ দলটোৱে অঞ্চলটোৰ ৬ খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানত তলা ভাঙি কেইবা লক্ষাধিক টকাৰ সামগ্ৰী লুটি নিয়ে । বিশাল হাৰ্ডৱেৰ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠান খনৰ চিচিটিভি কেমেৰা বিকল কৰি উধাও হৈছিল চোৰৰ দলটো। অৱশেষত ৰঙাঘৰৰ আলহী হ'ল গভাইত চোৰৰ দলটো । অধিক তথ্যৰ বাবে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক- লক ডাউনৰ মাজতে গোলাঘাটত ড্ৰাগছৰ ৰমৰমীয়া বেহা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.