ETV Bharat / international

Wall Street Journal : ৱাল ষ্ট্ৰীট জাৰ্নেলৰ সাংবাদিকৰ বিৰুদ্ধে ৰাছিয়াত চোৰাংচোৱাগিৰিৰ অভিযোগ

ৰাছিয়াত চোৰাংচোৱাগিৰিৰ অপৰাধত ৱাল ষ্ট্ৰীট জাৰ্নেলৰ সাংবাদিক ইভান গেৰ্শ্বকোভিচক আটক (Wall Street Journal reporter charged espionage) । ৰাছিয়াৰ ফেডাৰেল ছিকিউৰিটী ছাৰ্ভিচৰ অনুসন্ধানকাৰী দলে তেওঁৰ বিৰুদ্ধে গুপ্তচৰ বৃত্তিৰ অভিযোগ উত্থাপন কৰে । অৱশ্যে তেওঁ এই অভিযোগ স্পষ্টভাৱে অস্বীকাৰ কৰে ।

author img

By

Published : Apr 8, 2023, 9:13 AM IST

Wall street Journal
Wall street Journal

ইণ্টাৰনেশ্যনেল ডেস্ক, ৮ এপ্ৰিল : শুকুৰবাৰে ৱাল ষ্ট্ৰীট জাৰ্নেলৰ সাংবাদিক ইভান গেৰ্শ্বকোভিচৰ বিৰুদ্ধে ৰাছিয়াৰ ফেডাৰেল ছিকিউৰিটী ছাৰ্ভিচৰ অনুসন্ধানকাৰী দলে গুপ্তচৰ বৃত্তিৰ অভিযোগ উত্থাপন কৰে (Wall Street Journal reporter charged espionage) । অৱশ্যে চিএনএনৰ (CNN) বাতৰি অনুসৰি, তেওঁ ৰাছিয়াৰ চৰকাৰী সংবাদ মাধ্যমৰ উদ্ধৃতি দি এই অভিযোগ অস্বীকাৰ কৰে । "এফএছবিৰ (ederal Security Service, FSB) তদন্তত গেৰ্শ্বকোভিচৰ বিৰুদ্ধে তেওঁৰ দেশৰ স্বাৰ্থত চোৰাংচোৱাগিৰিৰ অভিযোগ আৰোপ কৰা হয় । তেওঁ সকলো অভিযোগ স্পষ্টভাৱে অস্বীকাৰ কৰে আৰু কয় যে তেওঁ ৰাছিয়াত সাংবাদিকতাৰ কামতহে জড়িত আছিল ।" ৰাষ্ট্ৰীয় সংবাদ সংস্থা টাছৰ (news agency TASS) মতে সংস্থাটোৰ এজন প্ৰতিনিধিয়ে এই কথা কয় ।

উল্লেখ্য, বিগত সপ্তাহত গেৰ্শ্বকোভিচক ৰাছিয়ান কৰ্তৃপক্ষই আটক কৰে (Reporter Gershkovich detained by Russia) । তেওঁৰ বিৰুদ্ধে চোৰাংচোৱাগিৰিৰ অভিযোগ কৰে । এই ঘটনাটোৱে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে মস্কোৰ উত্তেজনা আৰু বিদেশী সংবাদ মাধ্যমৰ বিৰুদ্ধে ইয়াৰ অভিযান এই দুয়োটাৰে এক গুৰুত্বপূৰ্ণ বিষয়ৰ ইংগিত বহন কৰে । শীতল যুদ্ধৰ সমাপ্তিৰ পিচত গুপ্তচৰ বৃত্তিৰ অভিযোগত ৰাছিয়াত আটক কৰা প্ৰথমগৰাকী আমেৰিকান সাংবাদিক হৈছে গেৰ্শ্বকোভিচ । টাছৰ প্ৰতিবেদনত প্ৰকাশ যে এফএছবিৰ অনুসন্ধানকাৰীসকলে আনুষ্ঠানিকভাৱে গেৰ্শ্বকোভিচক আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্বাৰ্থত চোৰাংচোৱাগিৰি কৰাৰ অভিযোগ আৰোপ কৰে । কিন্তু গেৰ্শ্বকোভিচে এই অভিযোগ অস্বীকাৰ কৰে (Reporter Gershkovich charged with espionage) ।

"তেওঁ সকলো অভিযোগ স্পষ্টভাৱে অস্বীকাৰ কৰিছে আৰু কৈছে যে তেওঁ ৰাছিয়াত সাংবাদিকতাৰ কামতহে লিপ্ত আছিল ।" এক অজ্ঞাত সূত্ৰৰ উদ্ধৃতি দি টাছে কয় । আনহাতে, প্ৰতিনিধিজনে অধিক মন্তব্য প্ৰদান কৰিবলৈ অস্বীকাৰ কৰে । কিয়নো টাছৰ মতে, সাংবাদিকজনৰ বিষয়টো "অতি গোপনীয়" বুলি চিহ্নিত কৰা হৈছে । আনহাতে, অহা ১৮ এপ্ৰিলত মস্কোৰ এখন আদালতে গেৰ্শ্বকোভিচৰ উকীলসকলে তেওঁৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে দাখিল কৰা আপীলৰ শুনানি গ্ৰহণ কৰিব বুলি ৰাছিয়াৰ চৰকাৰী সংবাদ মাধ্যমে আদালতৰ উদ্ধৃতি দি কয় । চিএনএনৰ বাতৰি অনুসৰি, সংবাদিকজন বৰ্তমান কুখ্যাত লেফটেৰিয়াভো প্ৰাক-ডিটেনচন চেণ্টাৰত ২৯ মে'লৈকে বন্দী হৈ আছে ।

উল্লেখ্য যে সাংবাদিকজনৰ এই গ্ৰেপ্তাৰক পশ্চিমীয়া বিষয়াসকলে ব্যাপকভাৱে গৰিহণা দিছে আৰু জাৰ্নেলে গেৰ্শ্বকোভিচৰ বিৰুদ্ধে গুপ্তচৰ বৃত্তিৰ অভিযোগক তীব্ৰ ভাষাৰে অস্বীকাৰ কৰি তেওঁৰ গ্ৰেপ্তাৰক "মুক্ত সংবাদ মাধ্যমৰ প্ৰতি এক অপমান" বুলি বৰ্ণনা কৰিছে । লগতে সমগ্ৰ বিশ্বৰ সকলো মুক্ত লোক আৰু চৰকাৰৰ মাজত সমন্বয় ৰক্ষা কৰিব লাগে বুলিও উল্লেখ কৰিছে । ইফালে বুধবাৰে বিদেশ সচিব এণ্টনি ব্লিঙ্কেনে ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী চাৰ্গেই লাভৰভক তৎক্ষণাত গেৰ্শ্বকোভিচক মুক্তি দিবলৈ আহ্বান জনায় । চিএনএনৰ মঙলবাৰৰ প্ৰতিবেদন অনুসৰি, বাইডেন প্ৰশাসনে আনুষ্ঠানিকভাৱে গেৰ্শ্বকোভিচক ৰাছিয়াত অন্যায়ভাৱে আটক কৰা বুলি ঘোষণা কৰাৰ প্ৰস্তুতি চলাই আছে । এই সন্দৰ্ভত দুগৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিষয়াই চিএনএনক কয় যে এই পদক্ষেপে তেওঁৰ মুক্তিৰ দিশত কাম কৰিবলৈ আমেৰিকান চৰকাৰক নতুন মাত্ৰা প্ৰদান কৰিব ।

লগতে পঢ়ক :Ethnic Clashes in Bangladesh : জাতিগত সংঘৰ্ষত বাংলাদেশত নিহত ৮

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.