আন্তঃৰাষ্ট্ৰীয় ডেস্ক, 19 ডিচেম্বৰ : আইচলেণ্ডৰ ৰাজধানী ৰেকজাভিকৰ দক্ষিণ প্ৰান্তত সোমবাৰে নিশা কেইবাটাও সৰু সৰু ভূমিকম্পৰ অহাৰ পিচত ভয়ংকৰ আগ্নেয়গিৰি বিস্ফোৰণৰ ঘটনা সংঘটিত হয় । ইয়াৰ পিচতে আইচলেণ্ডত আগ্নেয়গিৰি বিস্ফোৰণৰ বাবে সতৰ্কতা জাৰি কৰে আইচলেণ্ড বতৰ বিজ্ঞান কাৰ্যালয়ে ৷
এই আগ্নেয়গিৰি বিস্ফোৰণৰ ফলত সমগ্ৰ আকাশ কমলাৰঙী হৈ পৰে ৷ আগ্নেয়গিৰিৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি দেশখনৰ অসামৰিক প্ৰতিৰক্ষা বিভাগে সতৰ্কতা জাৰি কৰাৰ লগতে সকলোকে সজাগ হৈ থাকিবলৈ আহ্বান জনায় ।
আইচলেণ্ডৰ বতৰ বিজ্ঞান কাৰ্যালয়ে জনোৱা অনুসৰি, গ্ৰিণ্ডাভিক চহৰৰ পৰা প্ৰায় চাৰি কিলোমিটাৰ দূৰত এই বিস্ফোৰণ সংঘটিত হৈছে । স্থানীয় সময় অনুসৰি নিশা প্ৰায় 10.17 বজাত সমগ্ৰ আকাশ আলোকিত হৈ উদ্গীৰণটো সংঘটিত হয় । বিস্ফোৰণটো বিয়পি পৰাৰ লগে লগে মেগমা বা অৰ্ধ-গলিত শিল এটা পাহাৰৰ কাষত ওলোৱা দেখা গৈছিল।"
"মেগমা প্ৰবাহ প্ৰতি ছেকেণ্ডত কমেও এশ ঘন মিটাৰ হোৱাৰ সন্দেহ কৰা হৈছে ৷ ফলত এই ক্ষেত্ৰত এইটোক এটা ডাঙৰ বিস্ফোৰণ বুলি গণ্য কৰা হৈছে ৷" আইচলেণ্ডৰ অসামৰিক সুৰক্ষা আৰু জৰুৰীকালীন ব্যৱস্থাপনা বিভাগৰ মুৰব্বী ভিদিৰ ৰেইনিছনে আইচলেণ্ডৰ ৰাজহুৱা সম্প্ৰচাৰত এইদৰে জানিবলৈ দিয়ে ৷
বিগত নৱেম্বৰত গ্ৰিণ্ডাভিত এটা শক্তিশালী ভূঁইকপৰ ফলত চহৰখনত ব্যাপক ক্ষতিসাধন হৈছিল ৷ ভূমিকম্পৰ পিচতে আসন্ন বিস্ফোৰণৰ আশংকাত আৰক্ষীয়ে চহৰখন খালী কৰিছিল ৷ লক্ষণীয় যে, আইচলেণ্ড উত্তৰ আটলাণ্টিকৰ অংশত অৱস্থিত হোৱাৰ হেতুকে প্ৰতি চাৰিৰ পৰা পাঁচ বছৰত গড়ে এটাকৈ আগ্নেয়গিৰি বিস্ফোৰণৰ ঘটনা সংঘটিত হয় ৷
যোৱা 2010 চনত ইজাফজাল্লাজোকুল আগ্নেয়গিৰি বিস্ফোৰণে সমগ্ৰ চহৰখনত ত্ৰাসৰ সৃষ্টি কৰিছিল ৷ এই আগ্নেয়গিৰিৰ ধোঁৱাই বায়ুমণ্ডলত ছাইৰ বিশাল ডাৱৰৰ সৃষ্টি কৰাত বিমানসেৱা পৰ্যন্ত স্থগিত ৰাখিবলগীয়া হৈছিল ৷ তাৰ পিচতে বিজ্ঞানীসকলে পৰীক্ষা কৰি সম্ভাৱনা ব্যক্ত কৰি কৈছিল যে এই বিস্ফোৰণৰ পাচত আন এটা বিস্ফোৰণ সংঘটিত হ’ব পাৰে, কিন্তু ছাইৰ ডাৱৰৰ সৃষ্টি নকৰে ৷ তাৰ পিচতে আইচলেণ্ডলৈ অহা-যোৱা কৰা বিমান সেৱাসমূহ পুনৰ মুকলি কৰি দিয়া হৈছিল ৷
লগতে পঢ়ক: গাজা সীমান্তত ডাঙৰ সুৰংগৰ সন্ধান ইজৰাইলৰ; চোৰাংচোৱাৰ ব্যৰ্থতাক লৈ সমালোচনা